ETV Bharat / state

নিজ মাতৃয়ে হাতে ভৰিয়ে শিকলি লগাই বান্ধি ৰাখিছে পুত্ৰক কিন্তু কিয় !

author img

By

Published : Nov 17, 2020, 1:13 PM IST

মাতৃ আৰু ভগ্নীৰে সৈতে চাহিলে বাস কৰে খাৰঘূলী পাহাৰৰ চূড়াৰ অমীয় নগৰত ৷ জন্মৰ প্ৰায় সাত বছৰ বয়সৰ পৰাই চাহিল আক্ৰান্ত হৈছিল মৃগী ৰোগত ৷ পিতৃ হাৰা চাহিলৰ মাতৃয়ে দিন হাজিৰা কৰি পোৱা পইচাৰে তেতিয়াৰে পৰা চিকিৎসা কৰি পাৰ্যমানে চেষ্টা কৰি আহিছে চাহিলক সুস্থ কৰি তুলিবলৈ ৷ আৰ্থিক দুৰাৱস্থাৰ বাবে কেতিয়াবা টকাৰ অভাৱত দৰৱ কিনিব নোৱাৰে চাহিলৰ মাতৃয়ে ৷ তেতিয়াই চিকিৎসকে প্ৰদান কৰা নিয়মিত দৰব সেৱনত সমস্যাৰ সৃষ্টি হয় ৷

diseased-boy-story-at-guwahati
নিজ মাতৃয়ে হাতে ভৰিয়ে শিকলি লগাই বান্ধি ৰাখিছে পুত্ৰক কিন্তু কিয় !

গুৱাহাটী,17 নৱেম্বৰঃ মৰ্মান্তিক, হৃদয় বিদাৰক ৷ যি দৃশ্য দেখিলে হয়তু আপোনাৰো বুকু কঁপি উঠিব ৷ ২০ বছৰীয়া এজন সুঠাম যুৱক ৷ বিগত প্ৰায় এবছৰ ধৰি হাতে ভৰিয়ে শিকলিৰে বান্ধি ৰাখিছে যুৱক জনক ৷ যুৱক জনৰ নাম চাহিল আলি ৷ মাতৃ আৰু ভগ্নীৰে সৈতে চাহিলে বাস কৰে খাৰঘূলী পাহাৰৰ চূড়াৰ অমীয় নগৰত ৷ জন্মৰ প্ৰায় সাত বছৰ বয়সৰ পৰাই চাহিল আক্ৰান্ত হৈছিল মৃগী ৰোগত ৷ পিতৃ হাৰা চাহিলৰ মাতৃয়ে দিন হাজিৰা কৰি পোৱা পইচাৰে তেতিয়াৰে পৰা চিকিৎসা কৰি পাৰ্যমানে চেষ্টা কৰি আহিছে চাহিলক সুস্থ কৰি তুলিবলৈ ৷ আৰ্থিক দুৰাৱস্থাৰ বাবে কেতিয়াবা টকাৰ অভাৱত দৰৱ কিনিব নোৱাৰে চাহিলৰ মাতৃয়ে ৷ তেতিয়াই চিকিৎসকে প্ৰদান কৰা নিয়মিত দৰব সেৱনত সমস্যাৰ সৃষ্টি হয় ৷

এতিয়া চাহিলৰ বয়স ২০ বছৰ ৷ অনিয়মিত দৰৱ তথা উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে মৃগী ৰোগত আক্ৰান্ত চাহিল এতিয়া হৈ পৰিছে মানসিক ৰোগৰ চিকাৰ ৷ মানসিক ৰোগত আক্ৰান্ত চাহিলে সম্প্ৰতি হেৰুৱাই পেলাইছে মানসিক ভাৰসাম্য ৷ সেয়িহে চাহিলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মাতৃ আৰু ভগ্নী ৷ চাহিলৰ আক্ৰমণত একপ্ৰকাৰে ধ্বংসস্তুপত পৰিণত হৈ পৰিছে জীয়াই থকাৰ একমাত্ৰ সম্বল জুপুৰি ঘৰটো ৷ যাৰ বাবে বিগত প্ৰায় এবছৰ ধৰি হাতে ভৰিয়ে শিকলি লগাই কোনো দাগী অপৰাধীৰ দৰে বান্ধি ৰাখিব লগা হৈছে চাহিলক ৷ ৰুগীয়া পুত্ৰৰ এনে অস্বাভাৱিক অৱস্থাত এতিয়া শোকত ভাঙি পৰিছে মাতৃ হাছিনা বেগম ৷ পুত্ৰৰ সুচিকিৎসাৰ বাবে চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱা মাতৃৰ সেয়েহে ৰাইজলৈ কাতৰ আহ্বান-“আপোনালোকৰ অকনমান সঁহাৰি পালে মই মোৰ পুত্ৰক সুস্থ কৰি তুলিব পাৰিম ৷”

লগতে পঢ়কঃ চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.