ETV Bharat / state

Polluted cities of Assam: বিধানসভাত প্ৰদূষণৰ কৱলত পৰা অসমৰ পাঁচখন চহৰৰ প্ৰসংগ

author img

By

Published : Mar 14, 2023, 10:18 PM IST

Updated : Mar 14, 2023, 10:49 PM IST

ভাৰতবৰ্ষৰ ১৩১ খন প্ৰদূষিত মহানগৰীৰ ভিতৰত আছে অসমৰ গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰ । গুৱাহাটীকে ধৰি অসমৰ চাৰিখন নগৰ প্ৰদূষিত নগৰীৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ মূল কাৰণ হৈছে যান-বাহনৰ বৰ্ধিত সংখ্যাৰ লগতে ধূলিকণা (Budget Session of Assam Legislative Assembly) । যান-বাহনৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত চৰকাৰখনে বেটাৰী-চালিত যান-বাহন, চি এন জি চালিত বাছ আদি চলোৱাৰ ক্ষেত্ৰত প্ৰয়াস কৰিছে ।

Budget Session of Assam Legislative Assembly
সদনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত মন্ত্রী কেশৱ মহন্ত

গুৱাহাটী,১৪ মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰে তৃতীয় দিনা সদনত প্ৰদূষণৰ প্ৰসংগই স্থান লাভ কৰে (Budget Session of Assam Legislative Assembly)। সদনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটীসহ অসমৰ ৫ খন চহৰ থকাৰ প্ৰসংগটো উল্লেখ কৰে ( Discussion on List of polluted cities)। ইয়াৰ উত্তৰত মন্ত্রী কেশৱ মহন্তই কয় যে, কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ প্ৰকাশিত তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে ভাৰতবৰ্ষৰ ১৩১ খন প্ৰদূষিত মহানগৰীৰ ভিতৰত অসমৰ পাঁচখন চহৰ আছে (Minister Keshab Mahanta on polluted cities of Assam)। সেয়া হৈছে গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰ । মহানগৰকেইখনৰ বায়ুৰ প্ৰদূষণৰ কাৰণ হিচাপে নিম্নমান বায়ুৰ গুণগত সূচক (Air Quality Index)।

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গুৱাহাটীত থকা বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰসমূহে পোৱা তথ্য অনুসৰি ফেব্ৰুৱাৰীৰ দিনবোৰত গুৱাহাটীৰ বায়ুৰ গুণমান সূচক বা AQI ১৬০ৰ পৰা ২৫৯ পৰ্য্যন্ত পোৱা গৈছে (Central Pollution Control Board)। এই সূচকমান ‘মধ্যমীয়া ধৰণে বেয়া’ (Moderately poor)ৰ পৰা ‘বেয়া’ ( Poor) বুলিব পাৰি । গুৱাহাটী মহানগৰীত ইয়াৰ কাৰণ হৈছে বায়ুত PM2.5 আৰু PM10 কণাৰ উচ্চমানৰ উপস্থিতি। এই কণাবোৰৰ মূল উপাদানবোৰ হৈছে অ'জন, কার্বন-মন’ক্সাইড, নাইট্ৰজেন ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, সীহ আৰু এম'নিয়াৰ উপস্থিতি (MLA Ramendra Narayan Kalita on polluted cities of Assam) ।

সদনত দিয়া তথ্য মতে, গুৱাহাটীকে ধৰি অসমৰ চাৰিখন নগৰ এই প্ৰদূষিত নগৰীৰ ভিতৰত অন্তৰ্ভুক্তৰ মূল কাৰণ হৈছে যান-বাহনৰ বৰ্ধিত সংখ্যাৰ লগতে ধূলিকণা । ধূলিময়ৰ কাৰণ হৈছেনদীৰ ধূলি, যানবাহনে উৰুওৱা ধূলি আৰু প্ৰদূষক, নির্মাণ কার্য আদি । লগতে গুৱাহাটীত আগুৰি ৰখা পাহাৰবোৰৰ পৰা বতাহত নির্গত ধূলিকণায়ো এই ধূলিময় পৰিবেশৰ সৃষ্টি কৰিছে । সেই সময়ছোৱাত প্রায় শূন্য বৃষ্টিপাতেও এই ধূলিময় পৰিবেশ সৃষ্টিত অৰিহণা যোগাইছে । সেইবাবে বায়ু প্ৰদূষণ ৰোধ কৰাত পদক্ষেপ লোৱাটো সময়ৰ আহ্বান বুলি সদনত মন্ত্রীয়ে সদৰি কৰে ।

ৰাষ্ট্ৰীয় নির্মল বায়ু আঁচনিৰ আওতালৈ গুৱাহাটী চহৰক আনি ২০১৭ চনত প্ৰাৰম্ভিক পর্যায়ত প্রবর্তন তথা ২০১৯ চনৰ পৰা কাৰ্যকৰীকৰণ কৰি বায়ু প্ৰদূষণৰ বৰ্দ্ধিত সূচক মান হ্রাস কৰাৰ কৰণীয়খিনি কেন্দ্রীয় প্রদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তত্ত্বাৱধানত সঠিকদিশত চলি আছে বুলি মন্ত্রীগৰাকীয়ে কয় । গুৱাহাটীৰ পাহাৰবোৰৰ সেউজ আৱৰণ বৃদ্ধি কৰা, ৰাজহুৱা পৰিবহণ ব্যৱস্থা উন্নত কৰা আৰু মানুহৰ পৰিবেশ অনুকূল জীৱনশৈলী আদি এইক্ষেত্ৰত ল'ব পৰা ব্যৱস্থা বুলি তেওঁ লগতে সদৰি কৰে । যান-বাহনৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত চৰকাৰখনে বেটাৰী-চালিত যান-বাহন, চি এন জি চালিত বাছ আদি চলোৱাৰ ক্ষেত্ৰত প্ৰয়াস কৰিছে । সংশ্লিষ্ট বিভাগসমূহে এইক্ষেত্ৰত ল'ব পৰা বিধিসম্মত ব্যৱস্থা নিশ্চয় গ্রহণ কৰিব বুলি তেওঁ সদনক অৱগত কৰে ।

তেওঁ পুনৰ কয় যে, বিভাগৰ তৰফৰ পৰা প্ৰদূষণ ৰোধ কৰাৰ বাবে জনসাধাৰণক জড়িত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান অনুসৰি LiFE অভিযান আৰম্ভ কৰিবলৈ প্রস্তুতি চলোৱা হৈছে । তদুপৰি চৰকাৰী অনুষ্ঠান প্রতিষ্ঠানবোৰৰ চৌহদবোৰ সেউজ-সুন্দৰ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী হাতত লোৱা হৈছে ।

একোটা সেউজ চৌহদে স্থানীয়ভাৱে বায়ু প্ৰদূষণ নিয়ন্ত্রণত সহায় নিশ্চয় কৰিব বুলি তেওঁ সদৰি কৰে । তদুপৰি জনসাধাৰণৰ মাজত বায়ু প্ৰদূষণৰ সজাগতা বৃদ্ধিত গুৰুত্ব প্রদানেৰে প্ৰদূষণ ৰোধৰ বিভিন্ন ব্যৱস্থাৱলীৰ ওপৰত বৈদ্যুতিন, ছপা মাধ্যম তথা সামাজিক মাধ্যমৰ লগতে বিদ্যালয়, মহাবিদ্যালয় পৰ্য্যায়ত বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি তেওঁ সদনক অৱগত কৰে ।

লগতে পঢ়ক:Drinking water Crisis: ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ৰাইজে খাব লগীয়া হৈছে দুৰ্গন্ধময় নলাৰ পানী

Last Updated : Mar 14, 2023, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.