গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: অসমৰ ভৌগলিক অঞ্চলটোত মানৱ সভ্যতাৰ বিকাশ আৰু উত্তৰণৰ ইতিহাসৰ লগত জড়িত হৈ আছে ইয়াৰ অৰ্থনৈতিক যাত্ৰা বা ক্ৰমবিকাশৰ খলা-বমা অতীত । এই বিশেষ বিষয়টোক লৈ শেহতীয়াকৈ 'প্ৰাক-ঔপনিবেশিক অসমৰ অৰ্থনৈতিক ইতিহাস' নামৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে গৱেষক তথা যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ৰক্তিম ৰঞ্জন শইকীয়াই ।
উক্ত গ্রন্থখনে ইতিমধ্যে পঢ়ুৱৈ সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Discussion on book of economics in Guwahati)। এই গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিবলৈ শণিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱত থকা নিউ আৰ্টছ প্লেয়াৰ্ছ চৌহদত অনুষ্ঠিত হোৱা 'শৰৎ সমগ্ৰ গ্ৰন্থ উৎসৱ'ৰ বাকৰিত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । গ্রন্থাকাৰ ড৹ শইকীয়াই কয় যে অসমত অৰ্থনীতিৰ দিশটোৰ গৱেষণা হোৱা নাই । সেয়েহে ২০১৫ চনৰ পৰা গ্ৰন্থখনৰ কাম আৰম্ভ কৰা বুলি তেওঁ কয় । গ্ৰন্থখন প্ৰকাশ হোৱা আঢ়ৈ মাহেই হ'ল । অসমৰ ৰাইজে গ্ৰন্থখন আদৰি লৈছে বুলি ড৹ শইকীয়াই উল্লেখ কৰে । উক্ত গ্ৰন্থখনত কাৰিকৰী দিশ সন্নিবিষ্ট কৰি বুৰঞ্জী সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ কৰা বুলিও তেওঁ কয় ।
জ্যেষ্ঠ সাংবাদিক নয়ন জ্যোতি ভূঞাই আঁতধৰা উক্ত অনুষ্ঠানটোত জনসংযোগ বিষয়া সমীৰ শাণ্ডিল্য, লেখক তথা সাংবাদিক পুলিন কলিতা, সাংবাদিক অৰূপ শাণ্ডিল্য, মনোৰম গগৈ, সমাজকৰ্মী মুকুত লোচন কলিতা, ডাঃ প্ৰদীপ কুমাৰ দেৱ মহন্ত উপস্থিত থাকি গ্ৰন্থখনত নতুনত্ব পোৱা বুলি মন্তব্য কৰে ।
লগতে পঢ়ক:বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা