গুৱাহাটী, ৩ জুন : গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীক কিছুদিনৰ পৰা খোৱাপানী যোগানৰ নামত যথেষ্ট লেতেৰা আৰু বোকাময় পানী যোগান ধৰি থকাৰ অভিযোগ উত্থাপিত হৈছে (Dirty water supply by GMC)। বিগত এসপ্তাহ পূৰ্বে গুৱাহাটীত হোৱা বাৰিষাৰ প্ৰথমটো কৃত্ৰিম বানৰ পিছত গুৱাহাটী পৌৰ নিগমৰ তিনিটা পানী যোগান প্ৰকল্পৰ ভিতৰত বিশেষকৈ পৌৰ নিগমৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু পাণবজাৰ পানী যোগান প্ৰকল্পৰ পানী যোগান যথেষ্ট লেতেৰা তথা বোকাময় হৈ পৰিছে ।

যাৰ বাবে এই প্ৰকল্পৰ পানীৰ ওপৰত নিৰ্ভৰশীল লোকসকলে যথেষ্ট আহুকালৰ সন্মূখীন হৈছে (GMC troubles residents of Guwahati)। উল্লেখ্য যে, বিগত ৩১ মে'ত গুৱাহাটী পৌৰ নিগমৰ সাতপুখুৰী পানী যোগান প্ৰকল্পৰ মেছিন আৰু পানীৰ পাইপ মেৰামতি কৰি থকা বুলি পৌৰ নিগম কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল । কিন্তু সাতপুখুৰী পানী যোগান প্ৰকল্পৰ বাহিৰে পাণবজাৰ পানী যোগান প্ৰকল্পৰ কোনো মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই । যাৰ বাবে এই এলেকাৰ নাগৰিকসকল ক্ষোভিত হৈ পৰা দেখা গৈছে ।
এই সন্দৰ্ভত মাছখোৱাৰ বাসিন্দা মছদ্দৰ হুছেইনে কয় যে, বহু দিনৰ পৰা পাণবজাৰ পানী যোগান প্ৰকল্পৰ পৰা লেতেৰা পানী পাই আহিছে । কিন্তু যোৱা ১৫ দিনৰ পৰা পূৰ্বতকৈ যথেষ্ট লেতেৰা পানী যোগান ধৰি আছে । এই পানী অকল পাইখানাত ব্যৱহাৰ কৰিব পাৰি বুলি তেওঁ জনায় ।

লগতে পঢ়ক : 'Sologamy' ত প্ৰৱেশ কৰিবলৈ ওলোৱা ভাৰতৰ প্ৰথমগৰাকী যুৱতী
মনকৰিবলগীয় যে, গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ মাত্ৰ ২০ শতাংশ মানুহকহে খোৱাপানী যোগান ধৰে । গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰে । গুৱাহাটী পৌৰ নিগমৰ অধীনত পানবজাৰ, খাৰঘুলিৰ সাতপুখুৰী আৰু কামাখ্যাত থকা ৩টা পানী যোগান প্ৰকল্পৰ জৰিয়তে ক্ৰমে ২২.৫০, ১৫.৭৫ আৰু ৩ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় ।
মনকৰিবলগীয়া যে, গুৱাহাটী পৌৰ নিগমৰ প্ৰকল্প কেইটাৰে যোগান ধৰা পানী প্ৰায়ে ঘোলা, বালিৰ প্ৰলেপ থকা আৰু লেতেৰা হোৱাৰ অভিযোগ উঠে । উল্লেখ্য যে, পৌৰ নিগমৰ তিনিওটা প্ৰকল্পৰে যন্ত্ৰসমূহ বহু পুৰনি । প্ৰকল্প কেইটাৰ পানী যোগান ধৰিব পৰা ক্ষমতা ক্ৰমাৎ হ্ৰাস আহিছে ।

যোৱা এবছৰ পূৰ্বে ১০ কোটি টকাৰে পৌৰ নিগমৰ সাতপুখুৰী পানী যোগান প্ৰকল্পটো মেৰামতি তথা তিনিটা পানী পৰিশোধন মেছিন (Water Treatment Machine) ক্ৰয় কৰা হৈছিল । এই কামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল । এই দুৰ্নীতিৰ অভিযোগ সেই সময়ত মেয়ৰৰ দায়িত্বত নথকা মৃগেন শৰণীয়া, প্ৰাক্তন মেয়ৰ কুশল শৰ্মাই আৰু প্ৰাক্তন কাউন্সিলৰ বলেন ভৰালীয়ে উত্থাপন কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত এই অভিযোগৰ কোন তদন্ত নহ'ল ।
লগতে পঢ়ক : পুনৰ গড়মূৰ থানাত জেৰা জোনমনিক