ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ এএছডিচিৰ - DIPHU

ডিফুত এএছডিচিৰ সংবাদমেল ৷ সংবাদমেলত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ব্যাপক আন্দোলনৰ ঘোষণা কৰে এএছডিচিয়ে ৷

DIPHU_ASDC PRESS MEET
ডিফুত এএছডিচিৰ সংবাদমেল
author img

By

Published : Dec 21, 2020, 9:32 PM IST

Updated : Dec 22, 2020, 8:20 AM IST

ডিফু, ২১ ডিচেম্বৰ : কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনৰ গাদীত থকা বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে অনাগত দিনত চৰকাৰ খনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ কার্যসূচীৰ গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে কাৰ্বি আংলঙৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ৷ সোমবাৰে ডিফুস্থিত দলটোৰ মুখ্য কার্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে শাসকীয় দলটোক ক্ষুৰধাৰ সমালোচনা কৰি কয় য়ে, ২০১৪ আৰু ২০১৯ চনত বিজেপিয়ে সংসদীয় নিৰ্বাচনৰ পূৰ্বে বহু সংখ্যক জনকল্যাণমূলক কার্যসূচীৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু এই ক্ষেত্ৰত দলটোৱে সম্প্ৰতি সম্পূর্ণ ওলোটা সিদ্ধান্ত লোৱাহে পৰিলক্ষিত হৈছে । শাসনৰ দায়িত্ব লাভ কৰাৰ পিছতে দলটোৱে এটাৰ পিছত আন এটা জনবিৰোধী পদক্ষেপ গ্ৰহণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷ সভাপতি গৰাকীয়ে এইক্ষেত্ৰত নিত্য ব্যৱহার্য সামগ্ৰীৰ ব্যাপক হাৰত মূল্যবৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে ।

ডিফুত এএছডিচিৰ সংবাদমেল

ইয়াৰ উপৰিও, চৰকাৰৰ শেহতীয়া বিতৰ্কিত কৃষি আইন, সংশোধিত নাগৰিকত্ব আইন, ভূমি আইন, চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ আইন আদি ব্যৱস্থাৰে সমাজৰ আঢ্যৱন্ত শ্ৰেণীৰ সুবিধা হোৱাকৈ আইন প্ৰণয়ন কৰা বুলি মন্তব্য কৰে তেৰাঙে । ১৯৮৬ চনৰ পৰাই এএছডিচিয়ে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা বুলি তেৰাঙে মন্তব্য কৰি সম্প্ৰতি বিজেপি চককাৰক সকলো জনবিৰোধী নীতিক জনতাৰ ওচৰত উদঙাই দিয়াৰ লক্ষ্যৰে ধাৰাবাহিক আন্দোলনৰ কার্যসূচী গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে ।

সম্প্ৰতি দেশজুৰি কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা কৃষক আন্দোলনলৈও এএছডিচি দলে পূর্ণ সমর্থন আগবঢ়োৱা বুলিও এএছডিচিৰ সভাপতি গৰাকীয়ে সংবাদমেলত ঘোষণা কৰে । শাসকীয় বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শক্তিশালী আন্দোলন আৰু ভাৰতৰ সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত এখনি স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীক অধিক শক্তিশালী ৰূপ দিয়াৰ লক্ষ্যৰে দলটোৱে অহা ৭ আৰু ৮ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এখন অভিৱর্তনৰো আয়োজন কৰা হ'ব বুলি আজিৰ সংবাদমেলত সদৰি কৰা হয় । পাহাৰীয়া জিলাখনৰ কৃষকসকলৰ কৃষি আৰু উৎপাদিত শস্য আদিৰ সৰবৰাহৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদানৰ দাবী তোলে দলটোৱে ।

অন্য এক খবৰৰ বাবে: নলবাৰীৰ কছুৱাত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

Last Updated : Dec 22, 2020, 8:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.