ETV Bharat / state

কংগ্ৰেছত ধুমুহা: অৱশেষত পদত্যাগ কৰিলে দিলীপ শৰ্মাই - Dilip sharma resign

কেইদিনমান পূৰ্বে ASSAM PCC OFFICIAL নামৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ নিজা হোৱাটচ এপ গ্ৰুপত এটা বিশেষ ভিডিঅ' আপলোড কৰি দলৰ ৰোষত পৰিছিল দিলীপ শৰ্মা ৷ একাংশ শীৰ্ষ নেতৃত্বই বিগত বিধানসভা নিৰ্বাচনত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীকো দলীয় টিকট দিয়াৰ গুৰুতৰ অভিযোগ তুলিছিল এইজন কংগ্ৰেছ নেতাই ৷

dilip-sharma-resign-from-congress
অৱশেষত কংগ্ৰেছ ত্যাগ কৰিলে দিলীপ শৰ্মাই
author img

By

Published : Jun 20, 2021, 9:32 PM IST

Updated : Jun 20, 2021, 9:52 PM IST

গুৱাহাটী, 20 জুন : শেহতীয়াকৈ সৃষ্টি হোৱা বহু বিতৰ্কৰ অন্তত অৱশেষত পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ থকা দিলীপ শৰ্মাই ৷ দেওবাৰে দলৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি লৈ সভাপতি ৰিপুণ বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দিলীপ শৰ্মাই ৷ শেহতীয়াকৈ কংগ্ৰেছ দলৰ বহু কেইগৰাকী নেতাই দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ সময়তে দেওবাৰে দিলীপ শৰ্মাই পদত্যাগ কৰা ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে,মাত্ৰ কেইদিনমান পূৰ্বেই ইটিভি ভাৰতে ফাদিল কৰিছিল এইজন কংগ্ৰেছ নেতাৰ এক বিস্ফোৰক ভিডিঅ' ৷ যিটো ভিডিঅ'ই ৰাজীৱ ভৱনকে ধৰি কংগ্ৰেছৰ আভ্যন্তৰত তোলপাৰ লগাইছিল ৷ ASSAM PCC OFFICIAL নামৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ নিজা হোৱাটচ এপ গ্ৰুপত দিলীপ শৰ্মাই আপলোড কৰিছিল তেওঁৰ সেই বিশেষ ভিডিঅ'টো ৷

উক্ত ভিডিঅ'টোত দলৰ একাংশ শীৰ্ষ নেতৃত্বই বিগত বিধানসভা নিৰ্বাচনত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীকো দলীয় টিকট দিয়াৰ গুৰুতৰ অভিযোগ তুলিছিল এইজন কংগ্ৰেছ নেতাই ৷ প্ৰদেশ কংগ্ৰেছৰ হোৱাটচ এপ গ্ৰুপৰ সেই ভিডিঅ'টো ইটিভি ভাৰতে অম্পাদিত ৰূপত ফাদিল কৰাৰ লগে লগে হাহাকাৰ লাগিছিল কংগ্ৰেছৰ বৰঘৰত ৷ ইয়াৰ পিছতে দলৰ সভাপতি ৰিপুণ বৰাৰ ৰোষত পৰিছিল দিলীপ শৰ্মা ৷ ঘটনা সন্দৰ্ভত ক্ষোভিত হৈ দিলীপ শৰ্মাক উক্ত ভিডিঅ'টোৰ সন্দৰ্ভত শীঘ্ৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৰিপুণ বৰাই ৷

কিন্তু সেই জাননীৰ উত্তৰ দিয়াৰ পৰিবৰ্তে দিলীপ শৰ্মাই দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে ৷ উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচন সামৰণি পৰাৰ পাছৰে পৰা কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাৰ লগতে বহুটো তৃণমূল পৰ্যায়ৰ নেতাই দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ৷ অতি শেহতীয়াকৈ মৰিয়নি সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কংগ্ৰেছ নেতা ৰূপজ্যোতি কুৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰা তথা দলটোৰ একাংশ সদস্যই কংগ্ৰেছ দল ত্যাগ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছিল ৷

লগতে পঢ়কঃ টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?

Last Updated : Jun 20, 2021, 9:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.