ETV Bharat / state

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাৰ দলত্যাগ - Congress leaders resigns from party

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ শৰ্মাই ত্যাগ কৰিলে কংগ্ৰেছ দল (Dilip Kumar Sarma resigns from Congress) ৷ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল শৰ্মাই (APCC Spokesperson resigns) ৷

APCC Spokesperson resigns
অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাৰ দলত্যাগ
author img

By

Published : Jun 25, 2022, 7:22 AM IST

নিউজ ডেস্ক, 25 জুন: ক্ৰমাৎ যেন অধিক পৰিমাণে ভেঁটি খহিবলৈ ধৰিছে বিৰোধী দল কংগ্ৰেছৰ ৷ অসম প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত ৷ এইবাৰ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ শৰ্মাই ত্যাগ কৰিলে কংগ্ৰেছ দল (Congress leader resigns from party) ৷ সুদীৰ্ঘ সময় ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছিল শৰ্মা ৷ অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল শৰ্মাই (APCC Spokesperson resigns) ৷

APCC Spokesperson resigns
দিলীপ কুমাৰ শৰ্মাৰ পদত্যাগ পত্ৰ

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে ৷ এই পত্ৰত তেওঁ উল্লেখ কৰে - মই অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰৰ লগতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছো ৷

এতিয়া ৰাজ্যত ক্ৰমাৎ ধুলিস্যাৎ হোৱাৰ পথত কংগ্ৰেছ ৷ দলৰ আভ্যন্তৰীণ অসন্তুষ্টিয়ে হওক কিম্বা দলীয় বিষয়বাব সন্দৰ্ভতে হওক, শেহতীয়া কিছুদিনত ৰাজ্যৰ বহু জিলাৰ পৰা পদত্যাগ কৰিছে একাধিক কংগ্ৰেছ কৰ্মীয়ে (Congress leaders resigns from party) ৷ উল্লেখ্য যে বিগত দিনকেইটাত ভালেকেইজন কংগ্ৰেছী নেতাৰ লগতে কৰ্মীয়ে দলত্যাগ কৰাৰ পিছতে মেৰুদণ্ড বেঁকা হৈছে দলটোৰ ৷ দলটোৰ অস্তিত্বক লৈ সংকটত ভুগিছে দলটোৰ নেতা কৰ্মীসকল ৷ এই ধাৰা অব্যাহত থাকিলে শীঘ্ৰেই ৰাজ্য কংগ্ৰেছমুক্ত হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ডিমা হাছাওত চাৰি কংগ্ৰেছ সদস্যৰ পদত্যাগ : তৃণমূলত যোগদানৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.