গুৱাহাটী, 22 ফেব্ৰুৱাৰীঃ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ২৮ সংখ্যক "দীক্ষান্ত সমাৰোহ" । ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে এই সমাৰোহৰ । শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা জনাইলে উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈয়ে । এই সমাৰোহত মুঠ ২৫৭৪ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ডিগ্ৰী । ইয়াৰে বি এছ চি ১গৰাকী, ৩৪২ গৰাকীক পি এইচ ডি, ১৭গৰাকীক এম ফিল, ৬৮৭গৰাকীক স্নাতকোত্তৰ, ১৪৯৪ গৰাকীক শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব ডিগ্ৰীৰ প্ৰমাণ পত্ৰ । ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰঃ জগদীশ মুখী আৰু জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধিৰ কুমাৰ চক্ৰৱৰ্তী উপস্থিত থাকিব । পূৰ্বৰ তুলনাত যথেষ্ট ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে এইবাৰ অনুষ্ঠিত হ'ব ২৮সংখ্যক দীক্ষান্ত সমাৰোহ । প্ৰায় ৩৮ লাখ টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয় খেলপথাৰত নিৰ্মাণ কৰা হৈছে সুবিশাল এটা অস্থায়ী প্ৰেক্ষাগৃহ । যত অনুষ্ঠিত হ'ব দীক্ষান্ত সমাৰোহৰ সকলো কাৰ্যসূচী ।
আনহাতে, এই সমাৰোহতেই বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তক ডি লিট ডিগ্ৰী আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ।