ETV Bharat / state

Asom khobor Award: অসম খবৰৰ ২০২৩ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:04 PM IST

ডিজিটেল মিডিয়া অসম খবৰৰ ২০২৩ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা ৷ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷

digital Media Asom khobor
২০২৩ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান

বিশ্বনাথ, ২২ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ ১২ আঞ্চলিক ভাষা আৰু ইংৰাজী, হিন্দীৰ ডিজিটেল নিউজ পৰ্টেল অসম খবৰৰ ২০২৩ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা কৰা হৈছে । শীঘ্ৰেই অনুষ্ঠিত হ’বলৈ গৈ আছে অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান ৷ নিউজ পৰ্টেল অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰসমূহত অগ্ৰণী ভূমিকা পালন কৰি অহা তিনি গৰাকীকৈ বিশিষ্ট ব্যক্তিক বঁটা আৰু যথোচিত সন্মান প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

অসমৰ সংবাদ ক্ষেত্ৰৰ অন্যতম সাহসী তথা ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসলৈ অসম খবৰৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা আৰু বিশেষ সম্বৰ্ধনা আৰু সন্মান জনোৱা হৈছে ৷ অহা ৩ ছেপ্টেম্বৰ তাৰিখে তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন প্ৰেক্ষাগৃহত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব ।

লগতে বিশ্বনাথ চাৰিআলিৰ মানৱদৰদী চিকিৎসক তথা বিশিষ্ট সমাজ সেৱক ডাঃ ৰঞ্জন গগৈক অসম খবৰৰ সমাজ সেৱা বঁটাৰ লগতে বিশেষ সম্বৰ্ধনাৰে সন্মান প্ৰদান কৰা হ’ব ৷

ইয়াৰ লগতে বিহালীৰ বিশিষ্ট সমাজ সেৱিকা তথা মুক্তি যোদ্ধা আৰু স্বাধীনতা সংগ্ৰামী প্ৰয়াত নেতা গংগাৰাম বৰুৱাৰ বোৱাৰী দিপালী বৰুৱাকো অসম খবৰে এটি বিশেষ বঁটাৰে সন্মান জনাব ৷ দিপালী বৰুৱাক সমাজ হিতৈষী বঁটাৰে বিশেষ সন্মান যচা হ’ব বুলি প্ৰকাশ কৰিছে অসম খবৰে ।

উক্ত দিনৰ কাৰ্যসূচীত অসম খবৰ ডিজিটেল মিডিয়া গ্রুপৰ সকলো সদস্যৰ লগতে, সংবাদকৰ্মী, সমূহ শুভাকাংক্ষীক অহা ৩ ছেপ্টেম্বৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকিবলৈ অসম খবৰৰ মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈয়ে অনুৰোধ জনাইছে ।

লগতে পঢ়ক : Manipur:মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ মহানগৰীত ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.