ETV Bharat / state

PM Ebidya আৰু ৰাজ্যত ডিজিটেল শিক্ষা

author img

By

Published : May 17, 2020, 10:08 PM IST

দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল PM Ebidyaৰ কথা । য'ত ছাত্ৰ ছাত্ৰী সকলক ডিজিটেল আৰু অনলাইন শিক্ষাৰ মাল্টিমোড ব্যৱহাৰৰ বাবে অতি শীঘ্ৰে কাৰ্যক্ষম কৰা হ'ব ।

Digital learning in Assam
ৰাজ্যত ডিজিটেল শিক্ষাৰ লাভ-লোকচান, বিশেষজ্ঞৰ মন্তব্য

গুৱাহাটী,17 মেঃ দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল PM Ebidyaৰ কথা । য'ত ছাত্ৰ ছাত্ৰী সকলক ডিজিটেল আৰু অনলাইন শিক্ষাৰ মাল্টিমোড ব্যৱহাৰৰ বাবে অতি শীঘ্ৰে কাৰ্যক্ষম কৰা হ'ব । ইয়াৰোপৰি ৩০ মে'ৰ ভিতৰত শীৰ্ষ ১০০ বিশ্ববিদ্যালয়ক অনলাইনত শিক্ষা আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে লগতে ১২ টাকৈ কেবুল চেনেলত পাঠদানৰ কথাও ঘোষণা কৰা হৈছে ।

মুকুট লোচন কলিতাৰ মন্তব্য

এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাইট টু এডুকেশ্যন ফ'ৰামৰ আহ্বায়ক মুকুট লোচন কলিতাই কয় যে, যিহেতু চৰকাৰে বিষয়টো চিন্তা চৰ্চা কৰি কামতো আগবঢ়াইছে ইয়াৰ কিছুমান সুফল থাকিব পাৰে কিন্তু মই ব্যক্তিগতভাৱে এইক্ষেত্ৰত অসুবিধা দেখিছো । কিছু মানুহ ইয়াৰ পৰা যথেষ্ট লাভাম্বিত হ'ব কিন্তু কিছু লোক বহু পিছুৱাই যাব । যিহেতু ৰাজ্যৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন শিক্ষাৰ পৰা বহু নিলগত । এইক্ষেত্ৰত অনলাইনে বাস্তৱৰ লগত সংলগ্নটো হেৰুওৱাই পেলাব ।'

মনজিৎ মহন্তৰ মন্তব্য

আনহাতে সমাজ সচেতক মনজিৎ মহন্তই কয় যে,'ভাল কথা যদি এই ব্যৱস্থা সম্ভৱ হয় কিন্তু আমাৰ গাঁৱৰ ছাত্ৰ সকলৰ ক্ষেত্ৰত এই ব‍্যৱস্থা সম্ভৱ নহয় কিয়নো আমাৰ গাঁৱৰ কিমান জন ছাত্ৰ-ছাত্ৰীৰ ঘৰত ম'বাইল বা টিভি আছে ? যদিও ম'বাইল আছে কিমানৰ ঘৰত এনৰইড ম'বাইল আছে সেইটো এটা ডাঙৰ কথা । মই ভাৱো অসমৰ গাঁও অঞ্চলত এই বোৰ আন্তঃগাঠনি নোহোৱাকৈ এই অনলাইন বা ডিজিটেল শিক্ষাৰ সপোন কাৰ্যকৰী নহ'ব ।'

লগতে পঢ়ক-তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.