গুৱাহাটী, 14 নৱেম্বৰঃ আজি বিশ্ব ডায়েবেটিচ দিৱস ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন কৰা হৈছে ডায়েবেটিচ দিৱস ৷ মহানগৰীৰ নেমকেয়াৰ হাস্পতালতো পালন কৰা হয় এই ডায়েবেটিচ দিৱস ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অভিনেত্ৰী নিশিতা গোস্বামী ৷ আজিৰ অনুষ্ঠানত নেমকেয়াৰ হাস্পতালৰ অধ্যক্ষ ডা:হিতেশ বৰুৱাই কয় যে, এতিয়াৰে পৰা সকলো সাংবাদিকৰ ডায়েবেটিছ ৰোগৰ বিনামূলীয়াকৈ চিকিৎসা কৰিব ৷ উল্লেখ্য যে, বৰ্তমান সময়ত বিশ্বত ভয়াবহভাৱে বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সেয়ে সকলোৱে এই ৰোগৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায় ৷
লগতে তেওঁ কয় যে, সমগ্ৰ অসমৰ ৰাইজক সজাগ কৰিব বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছো ৷ আজিৰ দিনটোতে সকলো প্ৰতিশ্ৰুতিবদ্ধ হওঁক যে, মই যাতে ডায়েবেটিচ ৰোগত আক্ৰান্ত নহও ৷ এই মূল উদেশ্য লৈয়ে দিনটো পালন কৰা হয় ৷ প্ৰত্যেকজন ব্যক্তিয়ে যাতে ডায়েবেটিচ ৰোগৰ পৰা হাত সাৰি থাকে ৷ এই বেমাৰটো আমাৰ নিজৰ হাততে থাকে ৷ নিজে সৃষ্টি কৰা বেমাৰ ৷ গতিকে সজাগ হ’ব লাগে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি নিজৰ ভাষণ প্ৰসংগত কয় ডাঃহিতেশ বৰুৱাই ৷
লগতে পঢ়কঃ আলফা(স্বা:)ৰ নামত ধন দাবী কৰি ডুমডুমাত আটক তিনি যুৱক