ETV Bharat / state

সাংবাদিক আক্ৰমণক কেন্দ্ৰ কৰি আন্দোলনৰ হুংকাৰ

author img

By

Published : Nov 16, 2020, 7:39 PM IST

ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ সৰৱ হৈ উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম ৷ এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান ৷ সাংবাদিক আক্ৰমণৰ এনে ঘটনাক চৰকাৰৰ দুৰ্বলতাৰ প্ৰতিফলন আখ্যা সংগঠনটোৰ ৷

সাংবাদিক আক্ৰমণক লৈ ৰাজ্যত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

গুৱাহাটী,16 নৱেম্বৰ: দক্ষিণ কামৰূপৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাই ৰাজ্য তোলপাৰ লগাই থকাৰ মাজতে এই ঘটনাক লৈ সৰৱ হৈ উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম ৷ সাংবাদিকগৰাকীক এইদৰে আক্ৰমণ আৰু নিৰ্যাতন কৰাৰ ঘটনাক লৈ সংগঠনটোৱে এতিয়া গৰজি উঠিছে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানক এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ৷

সাংবাদিক আক্ৰমণক লৈ আন্দোলনৰ হুংকাৰ

সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ২৪ ঘণ্টাৰ ভিতৰত অপৰাধীক আটক কৰাৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷ এনে ধৰণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে সাংবাদিক হত্যা আৰু আক্ৰমণৰ ঘটনাত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ গৃহ বিভাগটোৰ একাধিক দুৰ্বলতাৰ ছবিক বাৰে-বাৰে প্ৰকাশ কৰা বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে,এনে ঘটনাক নিন্দা কৰি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী কৰে ৷ অন্যথা সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী বিজেপিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.