ETV Bharat / state

Bishal Janajati Gana Samawesh: গুৱাহাটীত ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিশাল জনজাতি গণ সমাৱেশ - অনুসূচীত জনজাতি

Article- 342 সংশোধনৰ দাবীত দেওবাৰে খানাপাৰা খেলপথাৰত এক বিশাল জনজাতি গণ সমাৱেশ অনুষ্ঠিত কৰা হয় (Bishal Janajati Gana Samawesh in Guwahati) ৷

Bishal Janajati Gana Samawesh
গুৱাহাটীত ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিশাল জনজাতি গণ সমাৱেশ
author img

By

Published : Mar 26, 2023, 10:56 PM IST

গুৱাহাটীত ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিশাল জনজাতি গণ সমাৱেশ

গুৱাহাটী, ২৬ মাৰ্চ: দেওবাৰে মহানগৰৰ খানাপাৰা খেলপথাৰত এক বিশাল জনজাতি গণ সমাৱেশ অনুষ্ঠিত কৰা হয় (Bishal Janajati Gana Samawesh in Guwahati)। জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বিশাল জনজাতি সমাৱেশ (Dharma Sanskriti Suraksha Manch)। এই সমাৱেশত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় এক লাখ জনজাতীয় লোকে অংশগ্ৰহণ কৰে ।

সংবিধানৰ 2A অনুচ্ছেদৰ 342 ৰ ২ নং দফাত সংশোধন আনি অনুসূচিত জনজাতি সকলৰ ধৰ্ম, সংস্কৃতি, পৰম্পৰা আৰু অস্তিত্ব ৰক্ষাৰ দাবীত এই বিশাল জনজাতি সমাৱেশৰ আযোজন কৰা হয়। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰে ৰঙীন হৈ পৰে খানাপাৰাৰ খেলপথাৰ। উল্লেখযোগ্য যে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় লোকসকলক একাংশ লোকে আৰ্থিক প্ৰলোভন দি ধৰ্মান্তকৰণ কৰি অহাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ যাৰ বাবে অনুসূচিত জনজাতিসকলৰ অস্তিত্ব আৰু ধৰ্ম সংস্কৃতিলৈ ভয়ংকৰ সংকট নামি আহিছে। সেয়েহে জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই জনজাতীয় লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে এই সমাৱেশৰ আযোজন কৰে।

জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিষয়ববীয়াই ভাষণ প্ৰসংগত কয় যে, যেনেকৈ অনুসূচীত জাতিৰ লোকসকলৰ বাবে 'Article- 341' ত উল্লেখ আছে যে, এজন অনুসূচীত জাতিৰ ব্যক্তিয়ে যদি বিদেশী ধৰ্মলৈ ধৰ্মান্তৰিত হয় তেন্তে সেই ব্যক্তিজনৰ নাম অনুসূচীত জাতিৰ তালিকাৰ পৰা আপোনা-আপুনি কৰ্তন হৈ যায়। তেতিয়া তেওঁলোকে অনুসূচীত জাতিৰ সকলো সাংবিধানিক সা-সুবিধাৰ পৰা বঞ্চিত হয়। কিন্তু অনুসূচীত জনজাতিৰ বাবে 'Article- 342' ত এই কথাৰ উল্লেখ নহ'ল। সংবিধানৰ এই সামান্য ত্ৰুটিৰ বাবেই অনুসূচীত জনজাতিৰ লোকসকল ধর্মান্তকৰণৰ বাবে প্ৰথম আৰু অতি সহজ চিকাৰ হৈ পৰিছে।

লগতে কয় যে, কেৱল সেয়াই নহয় ধৰ্মান্তকৰণৰ পিছতো ধৰ্মান্তৰিত লোকসকলে অবৈধ আৰু অনৈতিকভাৱে দুয়োটা আৰক্ষণ (Double Benefits) অনুসূচীত জনজাতি আৰু সংখ্যালঘুৰ সুবিধা লোৱা দেখা যায়। তেনে ক্ষেত্ৰত ‘Article- 342'ৰ সংশোধনীৰ জড়িয়তে ধৰ্মান্তৰিত হোৱা অনুসূচীত জনজাতীয় লোকসকলক অনুসূচীত জনজাতিৰ তালিকাৰ পৰা নাম কৰ্তন কৰিৱ লগিব। সেয়েহে আমি অতি শীঘ্ৰে Article- 342 সংশোধনৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো ৷

লগতে পঢ়ক: Samagra Shiksha Assam : ৰাজ্যৰ বিশেষভাৱে সক্ষম শিশুক প্ৰদান প্ৰয়োজনীয় আহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.