ETV Bharat / state

নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে : ভাস্কৰ জ্যোতি মহন্ত

author img

By

Published : Apr 18, 2022, 10:52 PM IST

অসম আৰক্ষীৰ এবি, ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল (Written examination for Assam police post) ঘোষণাৰ দাবীৰে গুৱাহাটীত নিবনুৱাসকলে সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ (DGP Reaction about Unemployment Protest in Guwahati) ৷ নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে বুলি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷

dgp-reaction-about-unemployment-protest-in-guwahati
নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে : ভাস্কৰ জ্যোতি মহন্ত

গুৱাহাটী, ১৮ এপ্ৰিল : ‘‘ৰাজপথত প্ৰতিবাদ কৰা যুৱক কেতিয়াও অসম আৰক্ষীত থাকিব নোৱাৰে । নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে ৷’’ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ (DGP Reaction about Unemployment Protest in Guwahati)। অসম আৰক্ষীৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীয়ে সোমবাৰে উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় সমীপত প্ৰতিবাদ সাব্যস্ত (written examination for Assam police post) কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Assam DGP Bhaskar Jyoti Mahanta)।

তেওঁ কয় যে, অতিৰিক্তভাৱে দুই হাজাৰ আৰক্ষী পদৰ বাবেহে বিজ্ঞাপন দিয়া হৈছে । পৰীক্ষা অনুষ্ঠিত হ'বই । অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হ'লেই ফলাফল ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰি লগতে তেওঁ কয় যে, আন্দোলন কৰা মানুহ অসম আৰক্ষীত নালাগে ।

আনহাতে, জেহাদী প্ৰসংগটো মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

তেওঁ কয় যে, বিভিন্ন লিংকত জেহাদী ধৰা হৈছে । সংগঠনটো বাংলাদেশত নিষিদ্ধ হৈ আছে, ভাৰতত হোৱা নাই । অল কায়েদাৰ সৈতে লিংক পাইছে অসম আৰক্ষীয়ে (Al Qaeda in Assam) ৷ চোৰাং চোৱাই দিনে নিশাই এই বিষয়টোৰ সন্দৰ্ভত কাম কৰি আছে লগতে ভূপালৰ পৰা অসমত নিয়ন্ত্ৰণ হৈছে জেহাদীৰ কাৰ্যকলাপ ।

তেওঁ কয় যে, জেলৰ পৰা ওলাই পুনৰ জেহাদীৰ সৈতে সম্পৰ্ক কৰি থকা জেহাদীক পুনৰ গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । ইফালে ৰাজ্যৰ কেইবাখনো জিলাত বিশেষ নজৰ দিয়া হৈছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

লগতে পঢ়ক : দুমাহে ঘোষণা হোৱা নাই অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল; প্ৰতিবাদত বহিল নিবনুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.