গুৱাহাটী, 16 জানুৱাৰী : এনকাউন্টাৰ চলিবই । কোনোবাই আমাক গুলী মাৰিলে আমিও গুলী মাৰিম ৷ এইটোৱেই এনকাউন্টাৰ- এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskar Jyoti Mahanta)৷ সোমবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
উল্লেখ্য যে, 2022 চনত ৰাজ্যত কিমান এনকাউন্টাৰৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে মন্তব্য কৰে (Encounter in Assam)। আৰক্ষী সঞ্চালক প্ৰধান মহন্তই 2022 ত কিমান এনকাউন্টাৰ হ'ল তাৰ উত্তৰ দিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ত এনকাউন্টাৰৰ সঠিক নম্বৰ দিয়াৰ আশ্বাস দিয়ে ৷
আনহাতে ৰাজ্যত 2022 বৰ্ষত কিমান অপৰাধমূলক ঘটনা সংঘটিত হৈছে তাৰ তথ্য সংবাদমেলত সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । তেওঁ কয় যে 2021ৰ তুলনাত 2022 বৰ্ষত অপৰাধৰ সংখ্যা কম হয়৷ পূৰ্বতে ৰাজ্যত প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে ৩৬৬ অপৰাধৰ ঘটনা সংঘটিত হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে 2022ত 200 টা অপৰাধৰ ঘটনা হয় প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ৷
লগতে তেওঁ জনানিবলৈ দিয়ে যে 2021ত 94,000 গোচৰ অমীমাংসিত হৈ আছিল৷ আনহাতে 58908 টা গোচৰ অমীমাংসিত হয় 2022 ত । 2022 বৰ্ষত ৰাজ্যত 69439 টা গোচৰ ৰুজু হয় ৷ 2022 ত 48% গোচৰৰ অভিযোগনামা দাখিল কৰা হয় ৷ আনহাতে তেওঁ সংবাদমেলত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা গোচৰৰ সংখ্যা হ্ৰাস হোৱা বুলি মন্তব্য কৰে (Crime statistics in Assam)৷
2022 চনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা 12,034 টা গোচৰ ৰজু হয় ৷ 2021 চনত 29046 টা মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ গোচৰ ৰুজু হৈছিল । শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ 2022ত 4306 টা ৷ 2021ত 5282 টা গোচৰ ৰুজু হৈছিল ।
ইপিনে মানৱ সৰবৰাহকাৰীৰ ঘটনাত 2022 চনত 96 টা গোচৰ ৰজু হৈছিল ৷ 2021 বৰ্ষত যাৰ সংখ্যা আছিল 203 টা ৷ Cyber crimeত 2022 বৰ্ষত 1781 গোচৰ ৰজু হৈছে ৷ 2021 ত আছিল 4846 গোচৰ ৷ Property crime 2022 ত 14381 ৷ 2022 বৰ্ষত 85 টা ডকাইতিৰ গোচৰ ৰুজু হৈছে ৷ 2021 যাৰ সংখ্যা আছিল 188 টা ৷
66 কোটি টকাৰ ডকাইতি সম্পত্তি উদ্ধাৰ কৰা হৈছে 2022 ত ৷ 2022 ত হত্যাকাণ্ডৰ গোচৰো হ্ৰাস পোৱা বুলি মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই ৷ NDPS Act ৰ অধীনত 2022 ত 2878 টা গোচৰ ৰুজু হৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰী 4691 জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷
তদুপৰি হেৰইন 112 কিলোগ্ৰাম, গাঞ্জা 49 ,000 কিলোগ্ৰাম, টেবলেট 52 লাখ, 21 লাখ কফ চিৰাপৰ বটল, 251 কিলোগ্ৰাম অপিয়ম জব্দ কৰা হৈছে ৷ বাৰ্মিজ চুপাৰি সৰবৰাহকাৰীৰ বিৰুদ্ধে 199 টা গোচৰ ৰুজু হৈছে আৰু 1.07 লাখ কিলোগ্ৰাম চুপাৰি জব্দ কৰা হৈছে ৷
আনহাতে তেওঁ সংবাদমেলত কয় যে গৰু চিণ্ডিকেটৰ বিৰুদ্ধেও কোঠৰ হৈছে অসম আৰক্ষী গৰু ছিণ্ডিকেটৰ লগত জড়িত বহুতৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে ৷ 2022 চনত 1181 গোচৰ ৰুজু হৈছে গৰু ছিণ্ডিকেট সন্দৰ্ভত (Cattle smuggling in Assam)৷ গৰু ছিণ্ডিকেটৰ লগত জড়িত 633 খন গাড়ী জব্দ কৰা হৈছে ৷
তদুপৰি 1356 সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে 12402 টা গৰু জব্দ কৰা হৈছে ৷ তেওঁ কয় যে পূৰ্বে এজন IO ৰ হাতত বহু গোচৰ আছিল ৷ সেয়ে সময় লাগিছিল গোচৰ নিষ্পত্তি কৰিবলৈ । পূৰ্বে এজন IO ৰ হাতত গড়ে ৫২ টাকৈ গোচৰ আছিল ৷ এতিয়া সেই সংখ্যা কমি গড়ে ২৫ হ'ল ৷
2022 ত যান-বাহন আইন ভংগৰ দোষত 74 কোটিতকৈও অধিক টকা জৰিমনা বিহা হৈছে বুলিও সংবাদমেলত জনায় ৷ সংবাদমেলত কনিষ্টবল চাকৰিৰ ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ চাৰ্টিফিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ DGP ৰ ৷ তেওঁ কয় "যিসকলৰ ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ চাৰ্টিফিকেট পোৱা গৈছিল তেওঁলোক গ্ৰেপ্তাৰ হৈছে ৷ যোগ্যসকলে চাকৰি পাব ৷ যিসকলৰ চাৰ্টিফিকেট ভুৱা নহয়’’৷
মহানগৰীত ৰঞ্জিৎ বৰা হত্যাকাণ্ড সন্দৰ্ভত DGP য়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘‘আমি যদি 95 টা গোচৰ নিষ্পত্তিত সফল হৈছো তেন্তে 5 টাত বিফলো হৈছো ৷ কিন্তু ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ তদন্ত এতিয়াও চলিয়েই আছে’’ ৷ আনহাতে তেঁও কয় জেহাদী সম্পৰ্কে কয় যে অসমত জেহাদীৰ 9 টা মডিউল পোৱা গৈছে ৷ 53 জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে ৷
জেহাদীসকলে মাদ্ৰাছা-মছজিদবোৰলৈ আহি নিজকে মৌলানা বুলি চিনাকী দিয়ে ৷ তাৰ পৰা জেহাদী কাৰ্যকলাপ আৰম্ভ কৰে ৷ সেয়েহে মাদ্ৰাছাবোৰ সাৱধান হোৱা উচিত ৷ ইছলাম ধৰ্মালম্বী লোকসকলে আৰক্ষীক সহযোগিতা কৰিছে ৷ যাৰ ফলত 50 জনতকৈ কম ছাত্ৰ থকা মাদ্ৰাছাবোৰ ডাঙৰ মাদ্ৰাছাৰ লগত সংলগ্ন কৰা হৈছে ৷
ইতিমধ্যে প্ৰায় 100খন সৰু মাদ্ৰাছা বন্ধ কৰি ডাঙৰ মাদ্ৰাছাৰ লগত সংলগ্ন কৰা হৈছে বুলি মন্তব্য কৰে (Madrasa demolition in Assam)৷
লগতে পঢ়ক: Drunken Police in Nagaon: সুৰাৰ ৰাগীত মাতাল হৈ নগাঁৱত কনিষ্টবলৰ উদ্ভণ্ডালি