ETV Bharat / state

77th Independence Day: জোৱান কুকিল দত্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব TRAINING AND ARMS বিভাগক অৰ্পন

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পেৰেডৰ অনুশীলনৰ মাজতে অকাল মৃত্যুক আঁকোৱালি ল’লে আৰক্ষী জোৱান কুকিল দত্তই ৷ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱানজনৰ মৃত্যুৰ পাচতে উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ ৷ তাৰ পাচতে শনিবাৰে অসম আৰক্ষীৰ সঞ্চালক জি পি সিঙে TRAINING AND ARMS বিভাগক কুকিল দত্তৰ মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ৷

author img

By

Published : Aug 13, 2023, 12:53 PM IST

77th Independence Day
অকাল মৃত্যুক আকোৱালি ল’লে আৰক্ষী জোৱান কুকিল দত্তই

গুৱাহাটী, 13 আগষ্ট : মাজত মাত্ৰ এটা দিন বাকী ৷ দেশ তথা ৰাজ্যবাসী ব্যস্ত 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিত ৷ ইয়াৰ মাজতে শুকুৰবাৰে সংঘটিত এক অঘটন ৷ আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পেৰেড অনুশীলনত ব্যস্ত হৈ আছিল কুকিল দত্ত নামৰ এজন জোৱান ৷ কিন্তু অতি ৰহস্যজনকভাৱে পেৰেড অনুশীলন চলি থকাৰ মাজতেই মৃত্যু হয় অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱানজনৰ ৷

শনিবাৰে দীঘলীপুখুৰীস্থিত ৱাৰ মেম’ৰিয়েলৰ সন্মুখত পেৰেডৰ অনুশীলন চাবলৈ উপস্থিত হয় আৰক্ষী সঞ্চালক জি পি সিং । আৰক্ষী জোৱান কুকিল দত্তৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পেৰেড গ্ৰাউণ্ডতে DGP জি পি সিঙে কয় যে, আৰক্ষী জোৱানজনৰ মৃত্যুৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে TRAINING AND ARMS বিভাগক ৷

জানিব পৰা মতে, বিগত কিছু দিনত ইতিমধ্যে তিনিজন আৰক্ষী বিষয়াৰ মৃত্যু হৈছে । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বিতংভাৱে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে অসম আৰক্ষী সঞ্চালকগৰাকীয়ে ৷ লগতে মৃত্যু হোৱা আৰক্ষী জোৱান কুকিল দত্তৰ মেডিকেল ৰিপ’ৰ্ট কোনো তথ্য ওলোৱা নাই বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক জি পি সিঙে ৷

সকলোৰে জ্ঞাত যে স্বাধীনতা দিৱসৰ পূৰ্বে অকাল মৃত্যুক সাৱটি লৈছিল অসম আৰক্ষীত কৰ্মৰত জোৱান কুকিল দত্তই ৷ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱান কুকিল দত্তৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ লখিমপুৰৰ গড়েহগা ঢেকিয়াল গাঁওবাসী ৷ উল্লেখ্য যে, কৰ্মসূত্ৰে কুকিল তেজপুৰত নিযুক্ত হৈ আছিল । সমাগত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে তেওঁক গুৱাহাটীলৈ পঠোৱা হৈছিল ৷ শুকুৰবাৰে পেৰেড অনুশীলনৰ সময়ত অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লয় কুকিলে ।

আনহাতে, শনিবাৰে আৰক্ষী সঞ্চালক জি পি সিঙে সকলো ৰাইজকে স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী উপভোগ কৰিবলৈ আহ্বান জনায় ৷ লগতে তেওঁ খানাপৰাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : SPRO Kukil Dutta died : গুৱাহাটীত পেৰেড অনুশীলনত SPRO কুকিল দত্তৰ অকাল মৃত্যু; ৰহস্য ঘনীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.