ETV Bharat / state

গুৱাহাটীৰ উমানন্দ ঘাটত বিধ্বংসী অগ্নিকাণ্ড - umananda

উমানন্দ ঘাটত মাজনিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ দূৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে তিনিজনকৈ লোকৰ ৷

devastation-by-fire-at-umananda
গুৱাহাটীৰ উমানন্দ ঘাটত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Nov 19, 2021, 9:57 PM IST

গুৱাহাটী, ১৯ নৱেম্বৰ : গুৱাহাটীৰ উজান বজাৰস্থিত উমানন্দ ঘাটত বৃহস্পতিবাৰে মাজনিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘাটটোত ৰখাই থোৱা চুকাফা টুৰিষ্ট নামৰ জাহাজখনত অগ্নিকাণ্ডটো সংঘটিত হয় ।

দূৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতে উক্ত স্থানত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় ৷ গুৱাহাটী, দিছপুৰ, পাণ্ডু আৰু চানমাৰিৰ পৰা যোৱা ৫ খনকৈ অগ্নিনিৰ্বাপন বাহনে যৎপৰোনাস্তি চলোৱাৰ পিছত অগ্নি নিৰ্বাপন সক্ষম হয় ৷

উল্লেখ্য যে, জাহাজখনৰ ভিতৰত আৱদ্ধ হৈ আছিল তিনিজনকৈ লোক ৷ সৌভাগ্যক্ৰমে লোক তিনিজন হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ৷ অগ্নিকাণ্ডটোৰ ফলত জাহাজখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয় যদিও এই মূহুৰ্তলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: Nimatighat ত পুনৰ ব্ৰহ্মপুত্ৰত পৰিল মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.