গুৱাহাটী, 15 ছেপ্তেম্বৰঃ
● মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
● মহানগৰীৰ বেলতলা জয়ানগৰত সংঘটিত হৈছে এই ঘটনা
● অগ্নিকাণ্ডত ভস্মীভূত হয় চাৰিখনকৈ দোকান
● অগ্নিকাণ্ডৰ ফলত য়ংষ্টাৰ ফাষ্ট ফুড, নিছা ষ্ট'ৰ, দুখন ষ্টেচনাৰী আৰু এখন জেৰক্সৰ দোকান সম্পূৰ্ণৰূপে জাহ যায়
●বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে
●ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপণ কৰে
●শক্তি বিভাগৰ লোক উপস্থিত হয় ইতিমধ্যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে
● অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই