গুৱাহাটী,৩১ মে' : শীঘ্ৰে আৰম্ভ হ'ব ২০১৯-২০ শিক্ষাবৰ্ষৰ দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত নামভৰ্ত্তিৰ প্ৰক্ৰিয়া। এই নামভৰ্ত্তি প্ৰক্ৰিয়াত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সহায়ক হ'ব পৰাকৈ অসমীয়া ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। অসমৰ বহু কেইখন জিলাত অসমীয়া ছাত্ৰ সন্থাই খুলিছে নামভৰ্ত্তি সহায়ক কেন্দ্ৰ। গুৱাহাটীৰ শ্বহীদ ন্যাসত ৩১ মে' ৰ পৰা ৩ জুন লৈ অসমৰ ছাত্ৰ ছাত্ৰী সকলক সহায়ৰ বাবে নতুন দিল্লীৰ অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ সংগঠন সদৌ অসমীয়া ছাত্ৰ সন্থাৰ নামভৰ্তিৰ সহায়ক কেন্দ্ৰ উপলব্ধ হ'ব। ৬ জুনত গোলাঘাটৰ ডি আৰ কলেজত,৭ জুনত যোৰহাটৰ অভিজ্ঞান একাডেমীত,৮ জুনত শিৱসাগৰৰ আছুৰ মুখ্য কাৰ্যালয়ত, ৯ আৰু ১০ জুনত ডিব্রুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি সহায়ক কেন্দ্ৰত আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।
মৃগেন জ্যোতি কাশ্যপ- 7002218010
সুব্ৰজ্যোতি- 9555284250
নিকিতা মজুমদাৰ- 6901743476