ETV Bharat / state

Kejriwal interested to visit Assam: অসমলৈ অহাৰ ইচ্ছা অৰবিন্দ কেজৰিৱালৰ

দিল্লীত দলটোৰ অসমৰ ৩৫ জনীয়া দল । সাক্ষাৎ অৰবিন্দ কেজৰিৱালক (AAP Assam team met Arvind Kejriwal) । অসমত দলৰ কাম-কাজক লৈ সন্তুষ্টি প্ৰকাশ আপৰ মুৰব্বীৰ । ব্যক্ত কৰিলে অসমলৈ অহাৰ কথা । কেজৰিৱাল অহাৰ পূৰ্বে অসমলৈ আহিব আপৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ এটা দল । অৰবিন্দ কেজৰিৱালৰ পোনপটীয়া তত্ত্বাৱধানত অসমত আম আদমি পাৰ্টীৰ সাংগঠনিক তৎপৰতা । দিল্লী আৰু পঞ্জাবৰ পাচত লক্ষ্য অসম ।

Kejriwal interested to visit Assam
AAP
author img

By

Published : Feb 12, 2023, 4:50 PM IST

অসমৰ ৩৫ জনীয়া আপৰ প্ৰতিনিধি দলৰ দিল্লী ভ্ৰমণ

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : দিল্লী আৰু পঞ্জাৱত চৰকাৰ গঠনৰ পাচত আম আদমি পাৰ্টী চমুকৈ আপৰ লক্ষ্য হৈ পৰিছে অসম (AAP targeted to Assam politics) । ২০২৬ চনত অসমত চৰকাৰ গঠনৰ বাবে এতিয়াৰে পৰা তৎপৰ হৈ পৰিছে দলটো । উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীত আপৰ অসমৰ এটা ৩৫ জনীয়া দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) ড৹ সন্দীপ পাঠকক সাক্ষাৎ কৰি অসমত দলটোৰ সাংগঠনিক কাম-কাজৰ বিষয়ে অৱগত কৰে (AAP Assam team met Arvind Kejriwal) ।

আপৰ অসমৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰী আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ নেতৃত্বত দলটোৱে অসমৰ সাংগঠনিক দিশটোত আলোকপাত কৰে (Aam Admi Party) । আনহাতে, অসমত দলটোৰ স্থিতি আৰু কাম-কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰা অৰবিন্দ কেজৰিৱালে অসমলৈ আহিবলৈ ইচ্ছা প্রকাশ কৰিছে । ইয়াৰ বাবে এটা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ দল শীঘ্ৰে অসমলৈ পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Delhi CM Arvind Kejriwal) ।

দেওবাৰে এক বিবৃত্তিযোগে এই কথা সদৰী কৰে আপৰ ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাই । তেওঁ কয় যে, চলিত বছৰত অসমত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চনৰ বিধানসভা নির্বাচনত আম আদমি পাৰ্টীয়ে অংশগ্ৰহণ কৰিব বুলি নেতাজনে প্রতিনিধি দলটোক অৱগত কৰাৰ লগতে ২০২৬ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি সাংগঠনিক কাম-কাজ আগবঢ়াই লৈ যাবলৈ সকলোকে আহ্বান জনায় (Kejriwal to visit Assam) ।

তেওঁ জনোৱা মতে, কেজৰিৱালে অসমৰ সাংগঠনিক কাম-কাজ নিজে তদাৰক কৰিব বুলিও জানিবলৈ দিয়ে । উল্লেখ্য যে আপ অসমৰ ৩৫ জনীয়া সঁজাতি দলটোৱে ১০ আৰু ১১ ফেব্ৰুৱাৰীত দিল্লীৰ কেইবাখনো চৰকাৰী বিদ্যালয়, মহল্লা ক্লিনিক আৰু দিল্লী চৰকাৰৰ উন্নয়নমূলক কাৰ্য পৰিদৰ্শন কৰে । আপে দিল্লী আৰু পঞ্জাৱত ক্ষমতা দখল কৰাৰ পাচত অসমক লক্ষ্য কৰি সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে তৎপৰ হৈ পৰিছে যদিও কিমানদূৰ আগুৱাই যাব সেয়া সময়েহে ক'ব ।

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহত অসম আৰু দিল্লীৰ মুখ্যমন্ত্রীৰ মাজত কেতবোৰ প্ৰসংগক লৈ দীঘলীয়া টুইট যুদ্ধ চলিছিল । সেই সময়ত সেই টুইট যুদ্ধই বিশেষ চৰ্চা লাভ কৰিছিল । বিশেষকৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছতে । মেট্ৰিকত উত্তীৰ্ণৰ হাৰ শূন্য হোৱা বিদ্যালয়সমূহ বন্ধ কৰা আৰু শিক্ষাৰ্থীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ একত্রীকৰণ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ কেজৰিৱালে টুইট কৰি কৈছিল যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয় । ইয়াৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰি কেজৰিৱালক লক্ষ্য কৰি টুইট কৰিছিল । ইয়াৰ পিছতে পুনৰ কেজৰিৱালে টুইট কৰিছিল । সেই সময়ত কেইবাদিনো ধৰি চলিছিল দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ টুইট যুদ্ধ ।

লগতে পঢ়ক :New Governor of Assam : অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, লগতে সালসলনি হ’ল আন 12 খন ৰাজ্যৰ ৰাজ্যপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.