ETV Bharat / state

ন্যায় প্ৰক্ৰিয়াত বিলম্ব: তিনিটা বছৰৰ অতিক্ৰম অভি-নীল হত্যাকাণ্ড

author img

By

Published : Jun 8, 2021, 10:21 PM IST

২০১৮ ত সমগ্ৰ দেশ কঁপাই যোৱা অভিজিৎ আৰু নীলোৎপলৰ হত্যাকাণ্ডৰ তিনিবছৰ সম্পূৰ্ণ হ'ল । কিন্তু অদ্যপি শাস্তি নাপালে দোষীয়ে । ৪৭ টা অভিযুক্তৰ শাস্তিৰ নিৰ্দেশ এতিয়াও ওলমি ৰৈছে আদালতৰ মজিয়াত । বিচাৰ প্ৰক্ৰিয়াত দেখা দিছে নেকি কোনো জটিলতাই ৷ নগাঁও আদালতত দ্ৰুতগতিত বিচাৰ প্ৰক্ৰিয়া চলাৰ পিছতো কিয় হ’ল বিলম্ব ?

abhi neel death
ন্যায় প্ৰক্ৰিয়াত বিলম্ব: তিনিটা বছৰৰ অতিক্ৰম অভি-নীল হত্যাকাণ্ড

গুৱাহাটী, ৮ জুন : প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ একাংশ নৰপিশাচৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । ২০১৮ চনৰ আজিৰ দিনটোতেই সংঘটিত হৈছিল সকলোৰে মন, মগজু জোকাৰি যোৱা সেই নাৰকীয় ঘটনাটো ।

কাৰ্বি আংলঙৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত ডকমকাত মানৱৰূপী একাংশ দানৱে অতি বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস (Nilothpal Das) আৰু অভিজিৎ নাথ (Abhijit Nath)ক । নিলোৎপল, অভিজিতৰ সেই মৰণকাতৰ চিঞৰে আজিও কঁপাই তোলে প্ৰতিজন অসমীয়াৰ হৃদয় । এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেৱল অসমতেই নহয় এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো ।

বিশ্ববাসীৰ ওচৰত যেন অসমক লজ্জানত কৰিছিল কাৰ্বি আংলঙৰ সেই ঘটনাই । ঘটনা সংঘটিত হোৱাৰ পিছত কাৰ্বি আংলং আৰক্ষীয়েও তৎপৰতাৰে ৪৭ জনকৈ অভিযুক্তক আটক কৰি অতি কম সময়ৰ ভিতৰতেই আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল অভিযোগনামা । নিলোৎপল, অভিজিতৰ পৰিয়ালৰ লোকৰ এক আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত । নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত অতি ক্ষিপ্ৰতাৰেই বিচাৰপ্ৰক্ৰিয়া চলি আছিল যদিও ক'ভিড সৃষ্ট পৰিৱেশ, ন্যায়াধীশৰ বদলি আদি বিভিন্ন কাৰণত বিচাৰ প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাৰো অভিযোগ নীল অভিৰ পৰিয়ালৰ লোকৰ।

আনহাতে, নগাঁও আদালতত ইতিমধ্যে গোচৰটোৰ ৫৫ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ইয়াৰ মাজতে দুই এক সাক্ষীয়ে ভাষ্য সলনি কৰাত কিছু হতাশ হৈ পৰিছিল দুয়োটা পৰিয়ালৰ । অৱশ্যে ক'ভিড সৃষ্ট জটিল পৰিৱেশ কিছু নিয়ন্ত্ৰণলৈ আহিলে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

অৱশ্যে এই পৰ্য্যন্ত ন্যায় ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে অভিজিৎ নিলোৎপলৰ পৰিয়ালৰ লোকে । এতিয়া প্ৰশ্ন হয়, অতি বৰ্বৰতাৰে দুজনকৈ চফল ডেকাক হত্যা কৰাৰ শাস্তি হ'ব কেতিয়া, সকলোৱে বিচৰামতেই দোষীয়ে পাব নে দৃষ্টান্তমূলক শাস্তি ৷ তাক লৈয়ো উত্থাপন হৈছে বৃহৎ প্ৰশ্নৰ ৷

লগতে পঢ়ক: বিভিন্ন কেলেংকাৰীত সাঙোৰ খাইছে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ নাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.