ETV Bharat / state

উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত সন্ধানহীন অসমৰ দীপশিখা হাজৰিকা

author img

By

Published : Oct 5, 2022, 1:37 PM IST

Updated : Oct 5, 2022, 1:54 PM IST

উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী (Assam climbers trapped in Uttarakhand avalanche) । সন্ধানহীন হৈ আছে অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকা (Assam mountaineer Deepshikha Hazarika missing) । দীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীৰ ৰাজগড়ত ।

Deepshikha Hazarika
Deepshikha Hazarika

গুৱাহাটী, ৫ অক্টোবৰ : উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী (Assam climbers trapped in Uttarakhand avalanche) । সন্ধানহীন হৈ আছে অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকা (Assam mountaineer Deepshikha Hazarika missing) । দীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীৰ ৰাজগড়ত । আনহাতে, অসমৰ আন এগৰাকী পৰ্বতাৰোহী ভাৰ্গৱ বৰা সুকলমে উভতি আহিছে এই ভয়াৱহ দুৰ্ঘটনাৰ পৰা ।

সোমবাৰে উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়াৱহ হিমস্খলনত ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে । আনহাতে, বৰ্তমানেও সন্ধানহীন হৈ আছে ১১ জন পৰ্বতাৰোহী । পৰ্বতাৰোহী দলটোৰ ৮ জনক উদ্ধাৰ কৰা হৈছে । উল্লেখ্য যে উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন । প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জন প্ৰশিক্ষকৰ দল উভতি আহোঁতে সংঘটিত হৈছে এই অঘটন ।

১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হয় এই ভয়াৱহ হিমস্খলন । সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে অব্যাহত আছে ব্যাপক অভিযান । উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে সামৰিক বাহিনীও ।

নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং (এনআইএম)ৰ (Nehru Mountaineering Institute) অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে কয় যে, প্ৰতিষ্ঠানখনৰ ৩৪ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু সাতজন প্ৰশিক্ষকৰ এটা দল উভতি অহাৰ সময়তে পুৱা ৮.৪৫ বজাত হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ উত্তৰকাশী দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে (Uttarkashi Disaster Management Officer Devendra Patwal) জনোৱা অনুসৰি আবদ্ধসকলৰ ভিতৰত আঠজনক উদ্ধাৰ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী আৰু এনআইএমৰ পৰ্বতাৰোহীৰ এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত সন্ধানহীন অসমৰ দীপশিখা হাজৰিকা
উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত সন্ধানহীন অসমৰ দীপশিখা হাজৰিকা

হিমস্খলনত আবদ্ধ প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেডৰ পৰা এছডিআৰএফৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় ৷ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও (Chief Minister Pushkar Singh Dhami) এই ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Defence Minister Rajnath Singh) সৈতে কথা পাতিছে আৰু উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ সেনাৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছে ৷ উদ্ধাৰকাৰী দলে আবদ্ধ হৈ থকা প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰাৰ কথা টুইটৰ জৰিয়তে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল বিবাহযাত্ৰীৰ বাছ: নিহত 25

Last Updated : Oct 5, 2022, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.