ETV Bharat / state

GU election result 2022: গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়যাত্ৰা - সভাপতি পদত কাশ্যপ কল্যাণ গগৈ

অৱশেষত ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল (Declared GU election result 2022) ৷ এই নিৰ্বাচনত অধিকাংশ পদতেই আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিয়জী ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে ৷ ইয়াৰে ভিতৰত সভাপতি পদত কাশ্যপ কল্যাণ গগৈয়ে ১২০৫ টা ভোট লাভ কৰাৰ লগতে সাধাৰণ সম্পাদক পদত পুণ্যব্ৰত দত্তই ১১৫৩ ভোট লাভ কৰি জয়লাভ কৰিছে ।

GU election result 2022
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়যাত্ৰা
author img

By

Published : Oct 20, 2022, 4:45 PM IST

Updated : Oct 20, 2022, 5:53 PM IST

গুৱাহাটী, ২০ অক্টোবৰ : সকলো জল্পনা কল্পনাৰ অন্তত বৃহস্পতিবাৰে ঘোষণা কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল (Declared GU election result 2022) । সদ্য ঘোষিত নিৰ্বাচনৰ ফলাফল অনুযায়ী নিৰ্বাচনত এইবাৰ আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ অধিক সংখ্যক পদত জয়লাভ কৰি নিৰ্বাচনত প্ৰভুত্ব ৰখা দেখা যায় ।

উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হোৱা ১০ টা পদৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল অনুযায়ী ১০ পদৰ ভিতৰত সভাপতি, উপ সভাপতি , সাধাৰণ সম্পাদক, ছাত্ৰী জিৰণি কোঠা, সংগীত, লঘু খেল বিভাগ, তৰ্ক বিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে ।

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত ৫৮ শতাংশ ভোটদান হৈছিল (GU PGSU Election) ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়যাত্ৰা

ইপিনে এন এছ ইউ আইয়ে মাত্ৰ সহকাৰী সম্পাদকৰ পদত, অসম ছাত্ৰ পৰিষদে সমাজ সেৱা বিভাগত আৰু এ বি ভি পিয়ে সাহিত্য সম্পাদকৰ পদত জয়লাভ কৰিবলৈ সমৰ্থ হয়‌ । ঘোষিত ফলাফল অনুযায়ী সভাপতি পদত কাশ্যপ কল্যাণ গগৈয়ে ১২০৫ টা ভোট লাভ কৰাৰ লগতে সাধাৰণ সম্পাদক পদত পুণ্যব্ৰত দত্তই ১১৫৩ ভোট লাভ কৰি জয়লাভ কৰে ।

আনহাতে, উপ-সভাপতি পদত নিৰঞ্জন বৰাই ১২২২ টা, সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিঙে ৮৬২ টা , সাহিত্য আৰু সুকুমাৰ কলা বিভাগত সৌৰভ দেউৰীয়ে ১১০৪ টা, সংগীত বিভাগত সাধনা দেৱীয়ে ১১০৬ টা, তৰ্ক বিভাগত আৰিফা মেহনাজে ১১১৪ টা, লঘু ক্ৰীড়া মঞ্জিল শইকীয়াই ১২০৭ টা, ছাত্ৰী জিৰণি

কোঠা মৌচুমী ওজাই ৮৩৪ টা, সমাজ সেৱা বিভাগত মহম্মদ ফজাইল আহমেদে ১১৭০ টা ভোট লাভ কৰি জয়লাভ কৰে ।

লগতে পঢ়ক : GU election date declare: ১৯ অক্টোবৰত GU ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

আনহাতে, গুৰু ক্ৰীড়া বিভাগত বিশ্বজিৎ দৈমাৰী, খেল সম্পাদক পদত হাবেল বড়ো আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰভু বড়ো বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । উল্লেখ্য যে, আদালতৰ হস্তক্ষেপৰ মাজতে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

মনকৰিবলীয়া যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ নিৰ্বাচনত কামৰূপ মহানগৰ দেৱানী আদালতে মঙলবাৰে স্থগিতাদেশ জাৰি কৰিছিল । সেই মৰ্মে আদালতৰ নিৰ্দেশৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া জগদীশ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বৰ্তমান সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদ দুটাত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি জাননী জাৰি কৰিছিল ।

কামৰূপ মহানগৰ দেৱানী আদালতত ৰুজু হোৱা ৫০৪ নম্বৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনকলৈ এক নিৰ্দেশনা জাৰি কৰিছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কৃষানু ফুকনে এই গোচৰটো তৰিছিল ।

লগতে পঢ়ক : GU PGSU Election : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ

কামৰূপ মহানগৰ দেৱানী আদালতত ৰুজু হোৱা ৫০৪ নম্বৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে দিয়া ৰায় মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ দুয়োটা পদতে নিৰ্বাচন খেলা প্ৰাৰ্থী দুগৰাকীৰ শ্ৰেনীত ৭৫% তকৈ উপস্থিতি কম আছিল ।

নিয়ম মতে, শ্ৰেণী কোঠাত ৭৫% উপস্থিত নাথাকিলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে । যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ নিৰ্বাচনত কামৰূপ মহানগৰ দেৱানী আদালতে মঙলবাৰে স্থগিতাদেশ জাৰি কৰিছিল ।

আদালতে স্থগিতাদেশ জাৰি কৰা সাংস্কৃতিক বিভাগৰ সম্পাদক পদত অভিনাশ শইকীয়া আৰু প্ৰাচুৰ্য হাজৰিকা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । অভিনাশ শইকীয়াৰ শ্ৰেণীত ৭৫% তকৈ উপস্থিতি কম আছিল । আনহাতে, বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত জয়ী হোৱা ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ধীৰাজ কলিতাই অৱতীৰ্ণ হৈছিল ।

আদালতৰ স্থগিতাদেশৰ পিছত এতিয়া বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত জয়ী হোৱা ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত স্থগিতাদেশ বাহাল ৰখা হৈছে ।

লগতে পঢ়ক : Assamese in IGNOU: বিশ্বৰ যিকোনো প্রান্তৰ লোকে অসমীয়া বিষয়ত ল’ব পাৰিব স্নাতক ডিগ্রী

Last Updated : Oct 20, 2022, 5:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.