ETV Bharat / state

Debabrata Saikia Reaction on BJP Govt: বিজেপি চৰকাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি: দেৱব্ৰত শইকীয়া - Opposition leader Debabrata Saikia

বিজেপি চৰকাৰে গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ চৰকাৰী তদন্তকাৰী সংস্থাসমূহক বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷ তেওঁ কয় যে বিজেপিয়ে চি বি আই, ইডি, নিয়া আদি বিভিন্ন চৰকাৰী বিভাগক তেওঁলোকৰ ৰাজনৈতিক অভিসন্ধি আৰু বিৰোধীৰ মাত বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি আছে (Debabrata Saikia Reaction) ৷

Debabrata Saikia Reaction on BJP Govt
তদন্তকাৰী সংস্থাক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে বিজেপিয়ে : দেৱব্ৰত শইকীয়া
author img

By

Published : Apr 19, 2023, 10:33 AM IST

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী,19 এপ্ৰিল: বিজেপি চৰকাৰে গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ চৰকাৰী তদন্তকাৰী সংস্থাসমূহক বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷ তেওঁ কয় যে বিজেপিয়ে চি বি আই, ইডি, নিয়া আদি বিভিন্ন চৰকাৰী বিভাগক তেওঁলোকৰ ৰাজনৈতিক অভিসন্ধি আৰু বিৰোধীৰ মাত বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি আছে (Debabrata Saikia Reaction) ৷

বিজেপি চৰকাৰে এই বিভাগ সমূহৰ জৰিয়তে বিৰোধীৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ দলত বিৰোধী নেতা সকলক চামিল কৰোৱাৰ লগতে কেতবোৰ ভুৱা আৰু মনেসজা গোচৰত অভিযুক্ত কৰি বিৰোধীৰ নিকা ভাৱমূৰ্তিক আঘাত কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে ৷ এইক্ষেত্ৰত তেওঁ কেতবোৰ নেতাৰ প্ৰসংগ উল্লেখ কৰে ৷ যিসকল নেতাক চৰকাৰে বিভিন্ন গোচৰত অভিযুক্ত কৰাই ভাৱমূৰ্তি নষ্ট কৰিছে বা তেওঁলোকৰ দলত চামিল কৰোৱাৰ অভিসন্ধি ৰচিছে ৷ এইক্ষেত্ৰত তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কথা উল্লেখ কৰি কয় যে, এনে ধৰণৰ কাৰ্য ভয়-ভাবুকিৰে চৰকাৰী পক্ষৰ প্ৰতি সমৰ্থন আদায়ৰ এক কৌশল (Debabrata Saikia Reaction on BJP Govt) ৷

তেওঁ কয় যে বিজেপি চৰকাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক National Herald গোচৰত অভিযুক্ত কৰাৰ লগতে এ কে এন্টনিৰ‌‌ পুত্ৰক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভুৱা ঠিকা সন্দৰ্ভত তদন্তকাৰী সংস্থাক নিয়োজিত কৰিছে ৷ সেইদৰে শেহতীয়াকৈ আম আদমী পাৰ্টীৰ নেতা সকলকো বিভিন্ন মিছা গোচৰত অভিযুক্ত কৰা হৈছে ৷ আনহাতে অংকিতা দত্তকো তেওঁৰ প্ৰয়াত‌ পিতৃৰ‌ এক গোচৰত হাৰাশাস্তি কৰা হৈছে ৷ পিতৃৰ গোচৰত অংকিতা দত্তক সাঙুৰি লোৱাটো একেবাৰে অনুচিত ৷ যিহেতু সেই সময়ত তেওঁ কেৱল এগৰাকী ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছিল বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ কিন্ত প্ৰয়াত অঞ্জন দত্তৰ কন্যা হোৱাৰ বাবেই আৰু বৰ্তমান ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাৰ বাবেই এই গোচৰত অংকিতা দত্তক সাঙুৰি লোৱা কাৰ্যক গৰিহণা দিয়ে বিৰোধী দলপতি গৰাকীয়ে (Opposition leader Debabrata Saikia) ৷

আনহাতে বিধায়ক অখিল গগৈক‌ো নিয়াৰ গোচৰ জাপি দিয়া হৈছে ৷ চৰকাৰখনে ভয়-ভাবুকিৰে চৰকাৰখনৰ প্ৰতি বিৰোধীৰ সমৰ্থন আদায় কৰিব বিচাৰিছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক: Ankita Dutta accuses IYC President: যুৱ কংগ্ৰেছৰ সভাপতিয়ে মোক নিৰ্যাতন চলাইছে: অংকিতা দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.