ETV Bharat / state

Himanta Biswa Sarma Remarks : মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়া

author img

By

Published : Jul 23, 2022, 8:33 PM IST

মুখ্যমন্ত্রীয়ে নিজৰ দায়িত্বৰ পৰা আঁতৰি মন্তব্য কৰা বুলি সদৰী কৰি বিৰোধী দলপতিগৰাকীয়ে অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্রীৰ স্থিতিক লৈ সৰৱ হৈ পৰে (CM stand on Biplab Kumar Sharma Commission report)। মুখ্যমন্ত্রীয়ে কৰোবাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ।

Devabrat Saikia
Devabrat Saikia

গুৱাহাটী, ২৩ জুলাই : দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৰা কেতবোৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia reacted Himanta Biswa Sharma remarks) । মুখ্যমন্ত্রীয়ে নিজৰ দায়িত্বৰ পৰা আঁতৰি মন্তব্য কৰা বুলি সদৰী কৰি বিৰোধী দলপতিগৰাকীয়ে অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্রীৰ স্থিতিক লৈ সৰৱ হৈ পৰে (CM stand on Biplab Kumar Sharma Commission report)।

মুখ্যমন্ত্রীয়ে কৰোবাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে দাবী জনায় । বানপানীৰ ক্ষেত্রত এন ডি আৰ এফৰ সাহায্য পুঁজিৰ (NDRF Relief Fund) প্ৰয়োজন নাই বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয় যে মুখ্যমন্ত্রীয়ে বান সাহায্যৰ বাবে প্ৰয়োজন হোৱা পুঁজি কেন্দ্ৰৰ পৰা আনিবলৈ সক্ষম হোৱা নাই । কেন্দ্ৰই অসমক কৰা চৰম প্ৰৱঞ্চনা ঢাকিবলৈ মুখ্যমন্ত্রীয়ে এনেদৰে মন্তব্য কৰিছে । তেওঁ কয় যে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত পুঁজি নাই ।

মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়া

য‍াৰবাবে বানাক্ৰান্ত ৰাইজে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই । ঋণ লৈ চলি থকা চৰকাৰখনে কেন্দ্ৰৰ পৰা পুঁজি মোকলাই আনিব নোবাৰাটো চৰম ব্যৰ্থতা বুলি তেওঁ সদৰী কৰে । আনহাতে, চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমাবিবাদৰ সমস্যা (Assam neighbouring states border disputes) সমাধান কৰাৰ ক্ষেত্রত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে কৈছে যদিও প্ৰকৃততে সেয়া গোকাট মিছা । সীমান্তত অব্যাহত আছে উত্তেজনা । মৰিয়নিত নগাৰ উপদ্ৰৱ অব্যাহত আছে । সেইদৰে অসম-মেঘালয় সীমান্ততো অব্যাহত আছে আগ্ৰাসন ।

অৰুণাচলৰ লগত আলোচনা আৰম্ভ কৰিছে যদিও সীমান্তত অৰুণাচলীৰ বেদখল অব্যাহত আছে । তেওঁ নামৰ বিপৰীতে অসমৰ স্বাৰ্থত কাম কৰিবৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায় । লগতে তেওঁ কৃষকৰ (Devavrat Saika urged CM to think about farmers) কথা চিন্তা কৰাৰ বাবেও চৰকাৰৰ প্ৰতি অনুৰোধ জনায় ।

লগতে পঢ়ক :Flood affects Hojai : হোজাইত বানৰ ক্ষয়ক্ষতি পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.