গুৱাহাটী, ৩ জুন : নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রস্তুত নকৰাকৈ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত "দীৰ্ঘম্যাদী ভিছা" (Long Term VISA) থকা বিদেশী সকলক সংস্থাপিত কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা অধিসূচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বিৰোধী দলপতিগৰাকীয়ে কয় যে, "অসমত নিৰ্বাচনৰ আগমূহুৰ্তত ১৯ মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগৰ পৰা নাগৰিকত্ব প্ৰদান কৰাৰ ওপৰত জাৰি কৰা এখন অধিসূচনাৰ উদ্ধৃতি দি অসম চৰকাৰে অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত, উপায়ুক্ত তথা আৰক্ষী অধীক্ষক সকলক এখন নিৰ্দেশনা জাৰি কৰি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা কেতবোৰ লোকক যিসকলৰ "দীৰ্ঘম্যাদী ভিছা" (Long Term VISA) আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল ।
যিহেতু ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ ৰাইজে ১৯৭১ চনৰ আধাৰত বহু অপেক্ষাৰ অন্তত এনআৰচিখন পাইছিল আৰু তাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল, সেইসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নিজৰ নিজৰ গোচৰ ৰুজু কৰি ওজৰ আপত্তি দৰ্শাবলৈ উচ্চতম ন্যায়ালয়ে সুযোগ দিছিল । তেনে ক্ষেত্ৰত ইয়াক অগ্ৰাহ্য কৰি আওপকীয়াকৈ নাগৰিকত্ব প্ৰদান কৰাৰ যি প্ৰয়াস চৰকাৰে কৰিছে সেয়া দুৰ্ভাগ্যজনক ।
ইতিমধ্যে ইয়াৰ বাবে বহুতো ন্যায়াধীশ তথা কৰ্মচাৰীও নিযুক্ত কৰা হ'ল । গতিকে এনআৰচিখন গ্ৰহণ কৰি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মই ইয়াৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ । যিহেতু এনআৰচিৰ অধীনত ১৯৭১ চনৰ আগত অহা লোক সকলে নাগৰিকত্ব পাব, গতিকে অসমত এনআইচি ( ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ) প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । যদি চৰকাৰে এতিয়া"দীৰ্ঘ ম্যাদী ভিছা" (Long Term VISA)ৰ আধাৰত অসমত নতুনকৈ নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা লয়, তেন্তে অসমত "ইনাৰ লাইন পাৰমিট" জাৰি কৰিব লাগে, নহ'লে অসমৰ খিলঞ্জীয়া নাগৰিক সকল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসুৰক্ষিত হৈ ৰব । "
লগতে পঢ়ক: কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে