গুৱাহাটী, ১৬ নৱেম্বৰ: নগাঁও জিলাৰ ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত কংগ্ৰেছৰ দলীয় কৰ্মীসভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত নথকাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে সাংসদ বৰদলৈয়ে সংসদীয় সমিতিৰ কামত বিদেশলৈ যোৱাৰ বাবে চলোৱা প্ৰস্তুতিৰ বাবে উক্ত সভাত উপস্থিত থাকিব পৰা নাছিল। যিটোক মুখৰোচক বাতৰি কৰা হৈছে। আনহাতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ হৰ্ডিং আঁতৰ কৰোৱা সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
লগতে শইকীয়াই কয় যে তেওঁ নিজে তিনিচুকীয়াত থকা বাবে সভাখনলৈ যোৱা নাছিল আৰু এই বিষয়ে তেওঁক কোনেও একো কোৱা নাই ৷ টিকট দিয়া-নিদিয়াৰ প্ৰসংগত তেওঁ কয় যে দলৰ শীৰ্ষ পৰ্যায়ত টিকট দিয়াৰ বিষয়টো বিবেচনা কৰি যোগ্যজনক দিয়া হয়। এই সন্দৰ্ভত তেওঁ কোনোধৰণৰ মন্তব্য় কৰিব নিবিচাৰে ৷
উল্লেখ্য যে, বুধবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ দলীয় কৰ্মীসভাত প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল নেতা উপস্থিত আছিল। কিন্তু জাক-জমকতাৰে অনুষ্ঠিত দলীয় কৰ্মীসভাত উপস্থিত নাছিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ বহু কংগ্ৰেছ নেতা উক্ত সভাত উপস্থিত আছিল যদিও সাংসদ বৰদলৈ নাছিল উক্ত সভাত। যাৰ বাবে চৰ্চা চলিছিল যে কংগ্ৰেছে নিজা সমষ্টিতে দলীয় কাৰ্যৰ পৰা এলাগী কৰিলে নেকি সাংসদ বৰদলৈক।
আনহাতে কাৰ্যালয়ৰ চৌহদত আঁৰি থোৱা বেনাৰসমূহতো নাছিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটো। ইয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাচতে স্পষ্টীকৰণ দিয়ে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷
লগতে পঢ়ক: KMSS files FIR against MP Ajmal: আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত কৃষক মুক্তিৰ এজাহাৰ দাখিল