ETV Bharat / state

ভাওনা প্ৰকল্পৰ আধাৰশিলা স্থাপনতকৈ বাঘজানত উপস্থিত হওঁক মুখ্যমন্ত্ৰীঃ দেৱব্ৰত শইকীয়া - অইল ইণ্ডিয়া

ইয়াৰোপৰি, কেৱল কেন্দ্ৰৰ লগত টেলিফনিক বাৰ্তালাপ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁশৰীৰে বাঘজানত উপস্থিত থাকি অইল ইণ্ডিয়াক বাঘজানৰ স্থানীয় ৰাইজক অধিক সাহাৰ্য্য দিবলৈ বাধ্য কৰিব লাগিছিল বুলিও মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

Debabrat saikia
দেৱব্ৰত শইকীয়া
author img

By

Published : Jun 11, 2020, 3:23 PM IST

গুৱাহাটী, 11 জুন: "ভাওনা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ শুভাৰম্ভণি বাতিল কৰি তৎক্ষণাত হেলিকপ্টাৰেৰে তিনিচুকীয়া জিলাৰ বাঘজানলৈ যাওঁক মুখ্যমন্ত্ৰী। " এই মন্তব্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ । জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰিয়া ভাওনা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে মুখ্য অতিথি হিচাপে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি হোৱাৰ এক বাতৰি প্ৰচাৰৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া।

দেৱব্ৰত শইকীয়াই জানিবলৈ দিয়ে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পৰ্যটন বিভাগৰ সৌজন্যত জামুগুৰি হাটৰ বাৰেচহৰিয়া ভাওনা প্ৰকল্পত ইতিপূৰ্বে মঞ্চ আৰু আনুসংগিক কাম কাজৰ বাবে এক আধাৰশিলা স্থাপন কৰিছিল। গতিকে বাঘজানৰ এনে এক দুৰ্যোগৰ সময়ত আধাৰশিলা স্থাপন কৰাতকৈ মুখ্যমন্ত্ৰীগৰাকী বাঘজানৰ স্থানীয় ৰাইজৰ কাষত উপস্থিত থাকিব লাগিছিল বুলি মন্তব্য কৰে দলপতিগৰাকীয়ে ।

লগতে পঢ়কঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ

ইয়াৰোপৰি, কেৱল কেন্দ্ৰৰ লগত টেলিফনিক বাৰ্তালাপ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁশৰীৰে বাঘজানত উপস্থিত থাকি অইল ইণ্ডিয়াক বাঘজানৰ স্থানীয় ৰাইজক অধিক সাহাৰ্য্য দিবলৈ বাধ্য কৰিব লাগিছিল বুলিও মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

উল্লেখ্য যে, জাতি মাটি ভেটি ৰক্ষাৰ কৰা চৰকাৰৰ দিনত অইল ইণ্ডিয়া চি এম ডি পদত প্ৰথম বাৰৰ বাবে অনা অসমীয়া অধিষ্ঠিত হৈছে বুলি অৱগত কৰে দেৱব্ৰত শইকীয়াই ফলস্বৰূপে ব্যক্তিগতকৰণৰ ক্ষেত্ৰত এঢাপ এঢাপ কৈ আগবাঢ়িছে অইল ইণ্ডিয়া যাৰ ফলত অসমৰ প্ৰতি থকা দায়বদ্ধতা পূৰ্বতকৈ হ্ৰাস পাইছে বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.