ETV Bharat / state

অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া

শাসকীয় দলৰ নেতা কৰ্মীয়ে লক ডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ উপৰিও সামাজিক ব্যৱধান অমান্য কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া
অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া
author img

By

Published : Jun 1, 2020, 8:30 PM IST

গুৱাহাটী, 1 জুনঃ কৃষক নেতা অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে বিভিন্ন গোচৰত অভিযুক্ত কৰি ষড়যন্ত্ৰ মূলক ভাৱে চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়া অখিল গগৈ সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যদিও অখিল গগৈৰ সৰহ সংখ্যক কামৰেই আমি সমৰ্থন নকৰো কিন্তু চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰে অখিলক হাৰাশাস্তি কৰি আছে আৰু সেইবাবে মই আমাৰ দলীয় হাইকামাণ্ডক অখিলক আইনী সহায় আগবঢ়াবলৈ অনুৰোধ কৰিম। ৬ মাহতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে আজিও এই প্ৰক্ৰিয়া সম্পন্ন কৰিব নোৱাৰিলে। PMKSNY আঁচনিত সমগ্ৰ ৰাজ্যতে হৈছে দুৰ্নীতি। অসমৰ সকলো কৃষকে PMFBY আঁচনিৰ অধিনত পোৱা নাই তেওঁলোকৰ শস্যৰ বীমা। ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ দেৱব্ৰত শইকীয়াৰ।

অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে
আমাৰ দেশৰ সাধাৰণ ৰাইজৰ বাবে বিশেষকৈ মহিলাসকলক বেংক সেৱাৰ লগত জড়িত কৰাৰ উদ্দেশ্যেৰে সেই সময়ৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিং ডাঙৰীয়াই "Zero Balance" একাউণ্ট খোলাৰ বাবে এক আঁচনি লৈছিল,যাৰ অধীনত প্ৰায় ২৪ কোটি হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বৰ্তমান চৰকাৰে এই আচঁনি খনৰ নাম জন-ধন আঁচনিৰ নামত ৰূপায়ণ কৰিলে আৰু অতিকৈ দুখৰ বিষয় যে, কৰ'ণা ভাইৰাছৰ দুৰ্যোগৰ সময়ত চৰকাৰে যি ৫০০ টকাৰ অনুদান প্ৰতি মাহে জন-ধন একাউণ্টত ভৰাই দিয়াৰ কথা ঘোষণা কৰিছিল তাৰপৰা আগৰ ব্যক্তি সকলক বঞ্চিত কৰা হৈছে। যিটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰিছে বিৰোধী দলপতি গৰাকীয়ে। আনহাতে বিধানসভাৰ মজিয়াত চৰকাৰে সকলোকে আশ্বাস দিছিল যে,বাৰিষাৰ আগতেই মাথাউৰি সমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণ হ'ব,কিন্তু এতিয়া বছৰৰ প্ৰথমটো বানপানী অহাৰ পিছত অৰ্থাৎ যোৱা ২২ মে' তাৰিখেহে চৰকাৰে জলসম্পদ বিভাগৰ নিবিদা বাতৰি-কাকতত প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শইকীয়াই। ইফালে বাঘজানত অইলৰ তৈলক্ষেত্ৰৰ পৰা অহৰহভাৱে কেনেকৈ নিৰ্গত হ'বলৈ পালে তেল আৰু গেছ? উক্ত তৈলক্ষেত্ৰটোৰ কামৰ ঠিকা অৰ্হতা সম্পন্ন কোম্পানীক দিয়া হৈছিল নে নাই সেয়া তদন্তৰ আওতালৈ আহিব লাগে বুলিও দাবী কৰে দেৱব্ৰত শইকীয়াই। লগতে শাসকীয় দলৰ নেতা কৰ্মীয়ে লক ডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ উপৰিও সামাজিক ব্যৱধান অমান্য কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

লগতে চাওকঃ পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.