গুৱাহাটী, ১৯ মাৰ্চঃ বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন পিছুৱাবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু মুখ্যমন্ত্ৰীলৈ আজি বিয়লি পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । যি সময়ত দেশজুৰি জনসমাগম বন্ধ কৰা হৈছে সেই সময়তে বিটিআৰৰ নিৰ্বাচনে নতুন বিপদ মাতি আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিৰোধী দলপতি গৰাকীয়ে । উল্লেখ্য যে, ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন বাতিল কৰিছে যদিও অসমত এই পৰ্যন্ত তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । আনকি আজি পুৱাৰ ভাগত ই টিভি ভাৰতৰ তৰফৰ পৰা এই বিষয়ে জানিবলৈ ৰাজ্যিক নিৰ্বাচন বিষয়া আলোক কুমাৰক যোগাযোগ কৰা হৈছিল যদিও তেওঁ কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।
লগতে পঢ়কঃ কৰ'ণা আতংকঃ কি হ'ব বিটিচি নিৰ্বাচন?