ETV Bharat / state

অৱশেষত উদ্ধাৰ হ'ল ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ হোৱা কিশোৰৰ মৃতদেহ - মৃতদেহ উদ্ধাৰ মালিগাঁৱৰ বৰিপাৰাৰ সুমন সৰকাৰৰ

ব্ৰহ্মপুত্ৰত ছেল্ফি তুলিবলৈ গৈ শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল এগৰাকী কিশোৰ ৷ অৱশেষত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হয় কিশোৰগৰাকীৰ মৃতদেহ ৷

অৱশেষত উদ্ধাৰ হ'ল ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ হোৱা কিশোৰৰ মৃতদেহ
author img

By

Published : Nov 18, 2019, 7:37 PM IST

গুৱাহাটী,18 নৱেম্বৰ: শনিবাৰে মহানগৰীৰ ধাৰাপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল এক অঘটন ৷ 5 বন্ধুৰ লগত ছেল্ফি তুলিবলৈ আহি নিৰুদ্দেশ হৈছিল মালিগাঁৱৰ বৰিপাৰাৰ সুমন সৰকাৰ। শনিবাৰে বিয়লিৰ ভাগত পাঁচগৰাকী সতীৰ্থৰ সৈতে ধাৰাপুৰৰ লুইতৰ পাৰত ফটো উঠিবলৈ আহিছিল সুমন সৰকাৰ। ছেল্ফি উঠাত মচগুল হৈ থকা সময়তে অকস্মাতে ভৰি পিছলি ব্ৰহ্মপুত্ৰ নদীত পৰে কিশোৰজন।

উদ্ধাৰ ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ হোৱা কিশোৰৰ মৃতদেহ

পিচত SDRF বাহিনীয়ে দুদিন ধৰি উদ্ধাৰ অভিযান চলাই যদিও কিশোৰগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ অৱশেষত NDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ দেওবাৰে অভিযান চলায় যদিও সোমবাৰে হে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কৰে সুমন সৰকাৰৰ মৃতদেহ। পিচত NDRF বাহিনীয়ে নদী আৰক্ষীক গতাই দিয়ে মৃতদেহটো । সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো ।

লগতে চাওক-মহানগৰীৰ মালিগাঁও নীলাচলপুৰত বাঘৰ আতংক

Intro:অৱশেষত উদ্ধাৰ হ'ল মহানগৰী ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰৰ লুইতত ছেল্ফী তুলিবলৈ আহি ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা মালিগাঁৱৰ বৰিপাৰাৰ সুমন সৰকাৰৰ মৃতদেহ। শণিবাৰে বিয়লিৰ ভাগত ৫বন্ধুৰ লগত ধাৰাপুৰৰ লুইতৰ পাৰত ফটো উঠিব আহিছিল সুমন সৰকাৰ। ছেল্ফী উঠোৱাত মজগুল হৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন। SDRF বাহিনীয়ে দুদিন ধৰি উদ্ধাৰ অভিযান চলাই সুমনৰ কোনো শুংসূত্ৰ নোপোৱাত NDRF বাহিনী উপস্থিত হৈ দেওবাৰে অভিযান চলাই যদিও কোনো সন্ধান পোৱা নাছিল। সোমবাৰে পুণৰ NDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাই লুইতৰ বুকুৰ পৰা উদ্ধাৰ কৰে কিশোৰ সুমন সৰকাৰৰ মৃতদেহ । NDRF বাহিনীয়ে মৃতদেহ নদী আৰক্ষীক সমজাই দিয়ে। সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.