ETV Bharat / state

Crime statistics in Guwahati: মহানগৰীত ৭২ ঘন্টাত উদ্ধাৰ ৭ টাকৈ মৃতদেহ

মহানগৰীত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ মহানগৰীত উদ্ধাৰ হৈছে ইটোৰ পাচত আনটো মৃতদেহ (Dead body rescued in Guwahati) ৷ এইবাৰ ৭২ ঘন্টাত মহানগৰীত উদ্ধাৰ হ'ল ৭ টাকৈ মৃতদেহ ৷

dead-bodies-rescue-in-guwahati
মহানগৰীত ৭২ ঘন্টাত উদ্ধাৰ ৭ টাকৈ মৃতদেহ
author img

By

Published : Apr 13, 2022, 10:20 PM IST

গুৱাহাটী, ১৩ এপ্ৰিল : ক্ৰমাৎ যেন অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত নিতৌ বৃদ্ধি পাইছে ইটোৰ পাছত আনটো হত্যাকাণ্ড । সঘনে উদ্ধাৰ হ’বলৈ লৈছে মৃতদেহ ৷ আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত কেনেকৈ সংঘটিত হ’বলৈ পাইছে এনে ধৰণৰ ঘটনা ? তাকেলৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷

উল্লেখ্য যে, ৭২ ঘন্টাত মহানগৰীত উদ্ধাৰ হ'ল ৭ টাকৈ মৃতদেহ (Dead bodies rescue in Guwahati) । ইয়াৰ ভিতৰত দুটা ঘটনা হত্যাকাণ্ড বুলি আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে আন ৫ টা ঘটনা অপৰাধজনিত নহয় বুলি মন্তব্য কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিং আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ।

এই সন্দৰ্ভত তেওঁলোকে কয় যে, "মহানগৰীত বিগত দুটা দিনত ৭ টা মৃতদেহ মহানগৰীত উদ্ধাৰ হৈছে । তাক লৈ আমিও চিন্তিত হৈছো । সমগ্ৰ ঘটনা কেইটাৰ তদন্তত গম পোৱা গৈছে যে উদ্ধাৰ হোৱা ৭ টা মৃতদেহৰ ৫ জনৰে অস্বাভাৱিক মৃত্যু হৈছে । সেই ৫ টা ঘটনা অপৰাধজনিত নহয় । বাকী দুটা ঘটনাহে অপৰাধজনিত ।"

মহানগৰীত বহু লোকে হতাশাগ্ৰস্ত হৈও আত্মহত্যাৰ পথ বাছি লয় । এই ক্ষেত্ৰত জনসাধাৰণক হতাশ নহ'বলৈ আৰক্ষীয়ে আহ্বান জনোৱাৰ লগতে সহায়ৰ প্ৰয়োজন হ'লে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুই শীৰ্ষ আৰক্ষী বিষয়াই ৷

লগতে পঢ়ক : মহানগৰীত একেদিনাই উদ্ধাৰ দুটাকৈ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.