গুৱাহাটী,১৮ মে’: কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে মঙলবাৰে জিলা খনত চলি থকা ক’ভিড পৰীক্ষা অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকখনত উপায়ুক্ত গৰাকীয়ে পৰীক্ষাৰ সংখ্যা বৃ্দ্ধিৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।
ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত ৰাখিব লগা ১০৮ এম্বুলেঞ্চৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়াৰ লগতে অতিৰিক্ত এম্বুলেঞ্চ সাজু কৰি ৰখাৰ বাবেও তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । পৰীক্ষা অবিহনে ক’ভিড নিয়ন্ত্ৰণ অসম্ভৱ বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে ক’ভিড-১৯ পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
গুৱাহাটী পৌৰ নিগমৰ পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাদ মাধ্যমৰ কাৰ্যালয়, বেচৰকাৰী সংস্থা, শ্বপিং ম'ল আদিত পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে । লগতে উপায়ুক্ত পেগুৱে ক’ভিড টীকাকৰণ অভিযানৰ অগ্ৰগতিৰো বুজ লয় ।
বৈঠকত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰী, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল উপস্থিত আছিল ।