ETV Bharat / state

লুইতৰ বুকুত পুনৰ ফেৰীৰ অঘটন - নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত অঘটন । নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঢৌ মাৰ নাযাওঁতেই আন এক ভয়াৱহ পৰিস্থিতিয়ে লুইতৰ বুকুত যাত্ৰীৰ প্ৰাণৰ প্ৰতি কঢ়িয়াই আনিলে ভাবুকি ৷

dangerous-situation-in-passenger-ship-in-brahmaputra
লুইতৰ বুকুত পুনৰ ফেৰীৰ অঘটন
author img

By

Published : Oct 12, 2021, 3:56 PM IST

গুৱাহাটী , ১২ অক্টোবৰ : নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঢৌ মাৰ নাযাওতেই গুৱাহাটীত সংঘটিত হৈছে আন এক ভয়াৱহ ঘটনা ৷ কথমপি ৰক্ষা পৰিল এখন যাত্ৰী ভৰ্তি ফেৰী । যান্ত্ৰিক বিজুত ঘটি বহু দূৰ উটি গ'ল ফেৰীখন ৷ নিৰ্মীয়মাণ দলঙৰ খুঁটাত খুন্দা মৰাৰ পৰা কথমপি ৰক্ষা পৰিল ফেৰীখন ।

দলঙৰ দুটা খুঁটাৰ মাজেৰে কথমপি যাত্ৰী সহ পাৰ হৈ যায় ফেৰীখন । সোমবাৰে বিয়লি ৫:৩০ বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈছিল যাত্ৰা কৰিছিল আৰ পি এল বাঘবৰ নামৰ ফেৰীখনে । ইয়াৰ পিছতেই সংঘটিত হয় এই ভয়াৱহ ঘটনা ৷ এই ঘটনাৰ সময়ত উদ্ধাৰকাৰী জাহাজ নথকাত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

অৱশ্যে, তেনে সময়তে গুৱাহাটীৰ ফাচী বজাৰ ঘাটৰ পৰা ৰ'পেক্স জাহাজখন গৈ যাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এতিয়া এইদৰে সঘনাই সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাই চিন্তিত কৰি তুলিছে সঘনাই ফেৰীত যাত্ৰা কৰা লোক সকলৰ লগতে সচেতন মহলক ৷

লগতে পঢ়ক : মাণিকপুৰৰ গেছ এজেঞ্চীত দুষ্কৃতিকাৰীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.