ETV Bharat / state

DAC election result: দেউৰী পৰিষদীয় নিৰ্বাচনে প্ৰমাণ কৰিলে অসমত বিৰোধীৰ থৰক বৰক স্থিতিক - oppositions in Assam

দেউৰী পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা (DAC election 2022) ৷ পৰিষদ গঠনৰ পথ প্ৰশস্ত হ’লেও দৰ্পচূৰ্ণ বিজেপিৰ ৷ চমক দি জয় যাত্ৰা আঞ্চলিক শক্তি JPP-ৰ ৷ বিৰোধী কাগজৰ বাঘ, প্ৰমাণ হ’ল আকৌ এবাৰ ৷ পুনৰ এটা নিৰ্বাচনত মুখথেকেচা কংগ্ৰেছৰ ৷

DAC election result
DAC election result
author img

By

Published : Nov 10, 2022, 9:34 PM IST

গুৱাহাটী, 10 নৱেম্বৰ: নিৰ্বাচনী প্ৰচাৰ সভাত দম্ভৰে বিজেপিৰ ঘোষণা আছিল, দেউৰী পৰিষদীয় নিৰ্বাচনত ২২ খন আসনৰ ভিতৰত ২২ খনেই পাব বিজেপিয়ে৷ পিছে নাপালে (DAC election 2022) ৷ ১২খন আসনতে সীমাবদ্ধ হ’ল বিজেপি মিত্ৰজোঁট ৷ এক কথাত পৰিষদ গঠন বিজেপিয়েই গঠন কৰিব যদিও আশাহত হ’বলগীয়া হ’ল দেউৰী পৰিষদীয় নিৰ্বাচনত (DAC election result 2022)৷ মন্ত্ৰী ৰণোজ পেগুৰ সমষ্টি ধেমাজিত ধৰাশায়ী বিজেপি ৷ ধেমাজিৰ ৪ সমষ্টিৰ ৩টাতেই পৰাজিত বিজেপি ৷ মাজুলীতো পৰাজয়ৰ মুখামুখি বিজেপি (BJP alliance won 12 seats in DAC)৷

পিচে এতিয়া বিজেপিৰ নহয় ৷ আমি আপোনালোকক ক’ব খুজিছো অসমৰ বিৰোধীৰ কথা (Oppositions poor performance in DAC election) ৷ দেউৰী পৰিষদীয় নিৰ্বাচনে কি শিক্ষা দিলে বিৰোধীক ? কিবা শিক্ষা ল’বনে কংগ্ৰেছ, ৰাইজৰ দল, আপ আদিয়ে ? দেউৰী নিৰ্বাচনত দিউৰী নিৰ্বাচনে পুনৰ প্ৰতিপন্ন পৰিলে অসমত এতিয়া শূন্যত গদাহে ঘূৰাই আছে বিৰোধীয়ে (Congress won only teo seats in DAC) ৷

বিৰোধী যে কাগজৰ বাঘ প্ৰমাণ কৰিলে দেউৰী পৰিষদীয় নিৰ্বাচনে

আজি ঘোষণা হোৱা ফলাফলত ২২ খন আসনৰ ১৮ খন আসনত প্ৰতিদন্দিতা কৰি বিজেপিয়ে পালে 11খন আসন ৷ ৪ খনত নিৰ্বাচন খেলি অগপই পালে এখন আসন ৷ পিছে ১৪ টা সমষ্টিত প্ৰতিদন্দিতা কৰি মাত্ৰ দুটাতহে জয় কংগ্ৰেছৰ ৷ এক কথাত নিৰ্বাচনৰ আগতেই হাত দাঙি দিছিল কংগ্ৰেছে ৷ একোটা সমষ্টিত থাকে মাত্ৰ প্ৰায় ৯০০-৪০০০ ভোটাৰ ৷ এই কম সংখ্যক ভোটাৰৰ মাজতো সোমাবলৈ শক্তিহীন কংগ্ৰেছ আৰু আন বিৰোধী দল সমূহ ৷

আনহাতে, সৰু নিৰ্বাচন হ’লেও মন কৰিবলগীয়া, বিজেপিৰ ৰথী-মহাৰথীৰ প্ৰচাৰৰ পিছতো ক্ষুদ্ৰ আঞ্চলিক শক্তি জিমছায়া পিপলছ পাৰ্টী JPPৰ চমকপদ জয়ৰ বিষয়টো (JPP won 7 seats in DAC election) ৷ কংগ্ৰেছ আৰু আন বিৰোধীক প্ৰত্যাখান কৰি JPPক সমৰ্থন দেউৰী ৰাইজৰ৷ এক কথাত মাজুলী-ধেমাজিত বিজেপি পৰাস্ত হ’লেও নিৰ্বাচনটোত বা সামগ্ৰিকভাৱে বিৰোধী কংগ্ৰেছে ৰাইজৰ কাষ চপাৰ চেষ্টাই নকৰিলে বুলিলে ভুল কোৱা নহ’ব ৷

ইয়াৰ পিছতো আপুনি কিয় নক’ব, অসমৰ বিৰোধী এতিয়া কাগজৰ বাঘ৷ ৰাইজ অসন্তুষ্ট হ’লেও গুৱাহাটীত প্ৰেছ মীটৰ মাজতে সীমাবদ্ধ বিৰোধীৰ কুছকাৱাজ ৷ এনে বহু কথাই কৈ গ’ল বৃহস্পতিবাৰে ঘোষিত দেউৰী পৰিষদীয় নিৰ্বাচনৰ ফলাফলে ৷ পিছে শিক্ষা ল’বনে অসমৰ বিৰোধীয়ে ?

লগতে পঢ়ক: DAC election result : 22 ৰ পৰিৱৰ্তে 12 যদিও বিজেপি সন্তুষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.