গুৱাহাটী, ২০ জুনঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চাইবাৰ অপৰাধ । বৰ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । চাইবাৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ ৰাজ্যত স্থাপন কৰা হ'ব চাৰিখনকৈ চাইবাৰ আৰক্ষী থানা । এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগে জাৰি কৰিছে জাননী । এই জাননী অনুসৰি নতুনকৈ স্থাপন কৰিবলগীয়া এই চাৰিখন চাইবাৰ আৰক্ষী থানাৰ ভিতৰত দুখন স্থাপন কৰা হ'ব গুৱাহাটীত । আনহাতে, আন দুখনৰ ভিতৰত এখন উজনি অসমৰ ডিব্ৰুগড়ত আৰু আনখন বৰাক উপত্যকাৰ শিলচৰত স্থাপন কৰা হ'ব ।
উল্লেখ্য যে গুৱাহাটীত স্থাপন কৰিবলগীয়া চাইবাৰ আৰক্ষী থানাৰ এখন চি আই ডিৰ মুখ্য কাৰ্যালয়ত হ'ব আৰু আনখন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা হ'ব । গুৱাহাটীৰ এই দুয়োখন চাইবাৰ আৰক্ষী থানা একোজনকৈ ডি এছ পি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব । আনহাতে,ডিব্ৰুগড় আৰু শিলচৰৰ চাইবাৰ আৰক্ষী থানা দুখন অ' চি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব । গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত স্থাপন হ'বলগীয়া চাইবাৰ আৰক্ষী থানাৰ নেতৃত্বত এজন ডি এছ পি থকাৰ উপৰি ৬ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক আৰু লেন্স নায়ক থাকিব । তদুপৰি থাকিব ২০ জনকৈ কনিষ্টবল । সেইদৰে চি আই ডিৰ কাৰ্যালয়ত স্থাপন হ'বলগীয়া থানাখনত থাকিব এজন ডি এছ পিৰ লগতে ১০ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক আৰু লেন্সনায়ক। লগতে থাকিব ৩০ জন কনিষ্টবল ।
ইফালে, ডিব্ৰুগড়ৰ চাইবাৰ আৰক্ষী থানাই শদিয়া আৰক্ষী জিলা, তিনিচুকীয়া, ডিব্ৰুগড়,শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু ধেমাজিক সামৰি ল'ব । শিলচৰ চাইবাৰ আৰক্ষী থানাই শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাওক সামৰি ল'ব । এই আৰক্ষী থানা দুখনত ৫ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক, লেন্সনায়ক থকাৰ উপৰি ১৫ জনকৈ কনিষ্টবল থাকিব ।
উল্লেখ্য যে অসমত দ্ৰুতহাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । ক'ভিড অতিমাৰীৰ পাছত ৰাজ্যত ৩০ শতাংশলৈ বৃদ্ধি পাইছে চাইবাৰ অপৰাধ । লক্ষণীয় বিষয় যে ২০১৫ চনত অসমত চাইবাৰ অপৰাধৰ ঘটনা আছিল ৪৮৩টা । কিন্তু ২০২২ চনত এই সংখ্যা প্ৰায় চাৰে চাৰি হাজাৰলৈ বৃদ্ধি পায় । ২০২১ চনত এই সংখ্যা আছিল ৩,৯৬২টা । সেইদৰে ২০১৬ আৰু ২০১৭ চনত ৰাজ্যত চাইবাৰ অপৰাধৰ ঘটনা ক্ৰমে ৬৯৬টা আৰু ১,১২০টা আছিল যদিও ২০১৮ চনত এই সংখ্যা ২,০২২লৈ বৃদ্ধি পায় । ২০১৯ চনত ৰাজ্যত চাইবাৰ অপৰাধৰ ২,২০১টা গোচৰ ৰুজু হৈছিল । ২০২০ চনত ৰাজ্যত সংঘটিত হৈছিল চাইবাৰ অপৰাধৰ ৩,৫৩০টা ঘটনা ।
ৰাজ্যত নিত্য নতুন চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাব ধৰিছে যদিও অসম আৰক্ষী সেইধৰণে সাজু হ'ব পৰা নাই । ৰাজ্যৰ অধিকাংশ আৰক্ষী থানাই চাইবাৰ অপৰাধীৰ লগত যুজিবলৈ সক্ষম নহয় । অৱশ্যে চাইবাৰ অপৰাধৰ নিয়ন্ত্ৰণৰ বাবে পৃথকে চাৰিখনকৈ আৰক্ষী থানা হ'লে কিছু সুফল লাভ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে ।
লগতে পঢ়ক:BJP election meeting in Guwahati:কংগ্ৰেছৰ দখলত থকা সমষ্টিত বিজেপিৰ বিস্তাৰক সভা