ETV Bharat / state

চিআৰইউৰ উদ্যোগত স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ

সম কামৰ বাবে সম মজুৰী ৷ এই দাবীৰে বৃহস্পতিবাৰে চি আৰ ইউৰ উদ্যোগত গ্ৰহণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷ মহানগৰীৰ ৰটাৰী ক্লাবত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক স্বাস্থ্যকৰ্মীয়ে ৷

CRU protest in guwahati assam etv bharat news
স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Oct 15, 2020, 1:49 PM IST

গুৱাহাটী,15 অক্টোবৰ: দেশত মহামাৰী কৰ’ণা আৰম্ভ হোৱাৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সকলক দায়িত্ব সম্পাদন কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছিল কেতবোৰ নিষেধাজ্ঞা ৷ যাৰ বাবে মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলৰ কৰ্মৰ প্ৰতি ভাবুকি আহি পৰে ৷ কিয়নো কৰ’ণা মহামাৰীৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰা কেতবোৰ বাধা-নিষেধৰ বাবে কৰ্তব্যসমূহ সূচাৰুৰূপে সম্পাদন কৰিব নোৱাৰাত কৰ্মৰত প্ৰতিষ্ঠানসমূহৰ ফালৰ পৰা শাস্তিমূলকভাৱে বিভিন্ন স্থানলৈ বদলি কৰা পৰিলক্ষিত হৈছে ৷ এই বঞ্চনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীৰ ৰটাৰী ক্লাবত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ৷

স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ

প্ৰতিষ্ঠানসমূহৰ এনে স্বৈৰচাৰিতা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্বাস্থ্য কৰ্মীসকলে বিভিন্ন দাবী উত্থাপন কৰে ৷ ইয়াৰোপৰি কৰ’ণাৰ গইনা লৈ একাংশ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰী সকলক দৈনিক 8 ঘণ্টাৰ বিপৰীতে সৰ্বাধিক 12 ঘণ্টা কৰ্ম সম্পাদন কৰিবলৈ বাধ্য কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃ ধনদা পাঠকলৈ লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.