গুৱাহাটী, 26 ডিচেম্বৰ : 2020 বৰ্ষত বহু অপৰাধ জনিত ঘটনাই জোঁকাৰি গৈছে ৰাজ্য ৷ প্ৰতিদিনেই সংঘটিত হৈছে ইটোৰ পিচত সিটোকৈ অপৰাধজনিত ঘটনা । চৰকাৰ তথা প্ৰশাসনে অপৰাধমুক্ত ৰাজ্য হিচাপে অসমক গঢ় দিব খোজাৰ সময়তে আৰক্ষী থানাত লিপিবদ্ধ হোৱা গোচৰে বিপৰীত ছবিহে দাঙি ধৰিছে ৷
পূৰ্বৰ বছৰ সমূহৰ তুলনাত ৰাজ্যত অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পাইছে যদিও ক'ভিডসৃষ্ট সংক্ৰমণ আৰু লক ডাউনৰ স্তব্ধতাৰ মাজতো ৰাজ্যত কিন্তু ব্যাপক হাৰত সংঘটিত হৈছে অপৰাধজনিত ঘটনা । হত্যাকাণ্ডৰ পৰা চুৰি, ডকাইতিলৈকে বহু অপৰাধজনিত খবৰে জোকাৰি গৈছে ৰাজ্য ৷
আৰক্ষীৰ ডায়েৰীত লিপিবদ্ধ হোৱা তথ্য অনুসৰি, 2020 বৰ্ষৰ বৰ্তমান পৰ্যন্ত ৰাজ্যত ৰুজু হৈছে 55,683 টা অপৰাধজনিত ঘটনা । ইয়াৰ বিপৰীতে বিগত বৰ্ষত ৰাজ্যত সংঘটিত হৈছিল 1,32,877 টা অপৰাধজনিত ঘটনা ।
লগতে পঢ়ক : দিচাংমুখত হাতী মানুহৰ সংঘাতৰ পৰিণতি : বিদ্যুৎ স্পৃষ্ট হৈ 2 টা বন্যহস্তীৰ মৃত্যু
2006 চনৰ তুলনাত ৰাজ্যত দুগুণ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা । অসম আৰক্ষীৰ তথ্য অনুসৰি, 2020 ৰ জুন মাহ পৰ্যন্ত ৰাজ্যত সংঘটিত হৈছে 626 টা হত্যাৰ ঘটনা ৷ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 770 টা ৷ অপহৰণৰ ঘটনা সংঘটিত হৈছে 2991 টা ৷ ডকাইতিৰ ঘটনা সংঘটিত হৈছে 82 টা ৷ একেদৰে, লুটপাটৰ ঘটনা সংঘটিত হৈছে 593 টা ৷ লগতে, ধন দাবীৰ ঘটনা সংঘটিত হৈছে 546 টা ৷
আনহাতে, চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে 6193 টা ৷ কেৱল ইমানেই নহয় ৰাজ্যত ভিন্ন ক্ষেত্ৰত সংঘটিত হৈছে অপৰাধজনিত ঘটনা আৰু ইয়াৰ বাবে ৰুজু হৈছে 5,667 টা গোচৰ ।
সমান্তৰালকৈ ৰাজ্যত সংঘটিত হৈছে নাৰীজনিত বহু অপৰাধমূলক ঘটনা । 2020 ৰ জুন মাহ পৰ্যন্ত ৰাজ্যত মহিলাৰ ওপৰত স্বামীয়ে নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে 4,697 টা ৷ মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে 1,695 টা ৷
মহিলা-কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে 2221 টা ৷ যৌতুকৰ বাবে মহিলাৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে 74 টা আৰু মহিলা সৰবৰাহৰ ঘটনা সংঘটিত হৈছে 9 টা ৷
লগতে পঢ়ক : কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃ সীতাৰাম য়েচুৰী