ETV Bharat / state

Crime Against Women: অসমত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

author img

By

Published : Aug 6, 2022, 6:21 PM IST

বিগত 6 বছৰত ৭১,০৬১ টা মহিলা নিৰ্যাতনৰ ঘটনাৰে অভিলেখ গঢ়িছে অসমে (Crime Against Women in Assam)৷ শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষী বিভাগে সদৰি কৰা এক তথ্য অনুসৰি উদ্বেগজনক খবৰ পোহৰলৈ আহিছে (Crime cases increase in Assam)৷

Crime Against Women increase in Assam
অসমত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

গুৱাহাটী, 6 আগষ্ট: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ বিগত 6 বছৰত ৭১,০৬১ টা মহিলা নিৰ্যাতনৰ ঘটনাৰে অভিলেখ গঢ়িছে অসমে (Crime Against Women in Assam)৷ শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষী বিভাগে সদৰি কৰা এক তথ্য অনুসৰি উদ্বেগজনক খবৰ পোহৰলৈ আহিছে (Crime cases increase in Assam)৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি ২০২০ চনতকৈ ২০২১ চনত বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ ২০২১ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ ৰাজ্যত ২৬,২৪৩ টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিৰ হৈছে ৷ ২০২০ চনত ২১,৯১৪ টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে ।

এই তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০২০ তুলনাত ২০২১ত ৰাজ্যত ধৰ্ষণ আৰু নাৰী-যুৱতী অপহৰণৰ ঘটনা দুগুণে বৃদ্ধি হৈছে ৷ একেদৰে বিগত বৰ্ষত ৰাজ্যত নাৰী সৰবৰাহৰ ঘটনা চাৰিগুণলৈ বৃদ্ধি হৈছে ৷ ইয়াৰ বিপৰীতে যৌতুকজনিত কাৰণত মহিলাৰ হত্যা, স্বামীৰ দ্বাৰা নাৰী নিৰ্যাতনৰ ঘটনাও পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে তথ্য প্ৰকাশ কৰে ৷

২০২০ চনত ৰাজ্যত ১,৭৩৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু ২০২১ চনত ধৰ্ষণৰ ঘটনা ৩,৭৪৭ টালৈ বৃদ্ধি হয় ৷ একেদৰে ২০২০ চনত ৰাজ্যখনত ৪,৭৯২টা নাৰী-যুৱতী অপহৰণৰ ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰ বিপৰীতে ২০২১ চনত অপৰাধৰ ঘটনা ৭,৬৯১ টালৈ বৃদ্ধি হৈছে ৷

২০২০ চনত ৫৩ টা নাৰী সৰবৰাহৰ বিপৰীতে ২০২১চনত ২১৮ টা, ১২৪ টা যৌতুকজনিত হত্যাৰ ঘটনা সংঘটিত হৈছিল ৷ ২০২০ চনত ৰাজ্যত ১১,৩৮৯ টা স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল আৰু বিগত বৰ্ষত এই ঘটনা ১৪,৪৫২ টালৈ বৃদ্ধি পাইছে ৷

এই তথ্য অনুসৰি ২০১৬ চনত পহিলা জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ ধৰ্ষণ, সৰবৰাহ, যৌতুকজনিক মৃত্যু, স্বামীৰ দ্বাৰা নিৰ্যাতন আৰু নাৰী-যুৱতী অপহৰণৰ ১,২০,৯২৬ টা অপৰাধৰ ঘটনা সংঘটিত হৈছে ৷ 2021 চনত ৰাজ্যত ১২,৮৩১ টা ধৰ্ষণ, ৫৩৪ টা নাৰী সৰবৰাহ, ৮৯৭ টা যৌতুকজনিত মৃত্যু আৰু ৩৫,৬০৩টা নাৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে (Crime Against Women increase in Assam) ৷

লগতে পঢ়ক:Crime against women in Tripura: ত্ৰিপুৰাত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.