ETV Bharat / state

India-Sri Lanka match in Guwahati: ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেট

author img

By

Published : Dec 8, 2022, 10:24 PM IST

১০ জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত ক্ৰিকেট মেচ ৷ অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ আয়োজনৰ দায়িত্ব দিলে বি চি চি আয়ে ।

cricket-match-between-india-and-sri-lanka-in-barsapara-on-10-january
১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ

গুৱাহাটী, ৮ ডিচেম্বৰ: ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । নতুন বছৰৰ প্ৰথমতে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ(Cricket match between India and Sri Lanka) । ইংৰাজী নৱবৰ্ষৰ প্ৰথম পষেকতে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ’ব এই আন্তঃৰাষ্ট্ৰীয় খেলখন(Barsapara Cricket Stadium Guwahati) । জানুৱাৰী মাহৰ ১০ তাৰিখে বৰ্ষাপাৰাত হ’ব ভাৰত-শ্ৰীলংকাৰ মেচ ।

অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ আয়োজনৰ দায়িত্ব দিলে বি চি চি আয়ে । দায়িত্ব পোৱাৰ পিছতে অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সভাপতি তৰংগ গগৈয়ে কয় যে নতুন সমিতি গঠন হোৱাৰ পিছতে বি চি চি আইক এখন খেল দিয়াৰ বাবে কোৱা হৈছিল(ACA President Taranga Gogoi) । সেই অনুসৰি বছৰৰ আৰম্ভণিতে খেলখন দিয়াৰ বাবে তেওঁ বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰে ।

খেলখনৰ বাবে কাৰিকৰী দিশত কৰিবলগীয়া কামখিনি ইতিমধ্যে কৰা হৈছে । তেওঁ কয় যে আমি আশাবাদী যে এই খেলখন সুকলমে পাৰ হ’ব । তেওঁ অসমবাসীক খেলখন বৰ্ষাপাৰালৈ আহি উপভোগ কৰাৰ বাবে আহ্বান জনায় । উল্লেখ্য যে বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত চলিত বছৰৰ ২ অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ মেচ ।

লগতে পঢ়ক: Mirabai Chanu wins silver: ৰূপৰ পদকেৰে বিজয় অক্ষুণ্ণ ৰাখিলে অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.