গুৱাহাটী, ২৯ আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) তথা নিচা জাতীয় সামগ্ৰীৰ প্ৰচলন । সমান্তৰালকৈ দেখা গৈছে সান্ধ্য আইনৰ (Curfew) সুযোগ লৈ একাংশ দুষ্টচক্ৰই সুৰাৰ অবৈধ ব্যৱসায়ো চলাই আহিছে । যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে অবৈধ সুৰাৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
বিভিন্ন জিলাৰ লগতে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত শেহতীয়াকৈ আৰক্ষীয়ে সুৰাৰ অবৈধ ঘাটি উচ্ছেদ কৰাৰ লগতে বহু সুৰা জব্দ কৰিছে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শনিবাৰে নিশা গড়চুক আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । বেটকুচিৰ পূজা পাৰ্কিঙৰ পৰা প্ৰায় ২০ কাৰ্টুন বিয়েৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় গড়চুক আৰক্ষী ।
আনহাতে, বশিষ্ঠ আৰক্ষীয়েও ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ৰাজু নামৰ এখন ধাবাৰ পৰা প্ৰায় ৯০ বটল বিলাতী সুৰা জব্দ কৰে । ধাবাখনৰ পিছফালে এখন গাড়ীত লুকুৱাই ৰখা অৱস্থাত সুৰাৰ বটলখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ।
বৃহস্পতিবাৰে নিশাও বশিষ্ঠ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ গণেশ ধাবা আৰু পণ্ডিত হোটেলৰ পৰা ৯৫ বটল অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল । শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীয়ে প্ৰায় ৩ হাজাৰৰো অধিক সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক 3