ETV Bharat / state

CPIM Protest in Guwahati: স্মাৰ্ট চিটিৰ ডাষ্টবিনৰ দুৰ্গন্ধই জলাকলা খুৱাইছে মহানগৰবসীক: চি পি আই (এম)

author img

By

Published : Jul 8, 2023, 7:28 PM IST

দুৰ্গন্ধময় পৰিবৱেশৰ পৰা ৰাইজক মুক্ত কৰাৰ দাবীত চি পি আই(এম) ৰ গুৱাহাটী কমিটিৰ উদ্যোগত শনিবাৰে প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচী ‌ৰূপায়ণ কৰা হয় ৷ মহানগৰীৰ ৰাইজক সুস্থ আৰু স্বাস্থ্যসন্মত পৰিৱেশ প্ৰদানৰ দাবী চি পি আই(এম) ৰ ৷

CPIM Stages Protest against GMC in Guwahati
মহানগৰীত চি পি আই(এম) ৰ প্ৰতিবাদ

চি পি আই(এম) ৰ গুৱাহাটী কমিটিৰ উদ্যোগত শনিবাৰে মহানগৰীত প্ৰতিবাদ

গুৱাহাটী, 8 জুলাই: আৰ জি বৰুৱা পথৰ ৰাজধানী নাৰ্চাৰীত থকা জাবৰ-জোথৰ সংগ্ৰহ কৰা কেন্দ্ৰৰ পৰা‌ ওলোৱা‌ দুৰ্গন্ধময় পৰিবৱেশৰ পৰা ৰাইজক মুক্ত কৰাৰ দাবীত চি পি আই(এম) ৰ গুৱাহাটী কমিটিৰ উদ্যোগত শনিবাৰে প্ৰতীকি প্ৰতিবাদী কাৰ্যসূচী ‌ৰূপায়ণ কৰা হয় ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত সংগৃহীত জাবৰ-জোঁথৰ জমা‌কৰা স্থান আছে ৷ কিন্তু এই স্থানবোৰত ৰখা জাবৰ-জোঁথৰবোৰ বিজ্ঞানসন্মতভাবে ৰখাৰ ব্যৱস্থা কৰা হোৱা নাই আৰু একেবাৰে উন্মুক্ত অৱস্থাত আছে ৷ সেয়ে চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰিছে ৷ ফলত ওচৰ চুবুৰীয়াকে ধৰি অহৰহ যাতায়াত কৰা পথচাৰী সাংঘাতিক ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

আনকি এই দুৰ্গন্ধ গণেশগুৰিলৈকে বিয়পি পৰে ৷ মহানগৰীৰ ৰাইজক সুস্থ আৰু স্বাস্থ্যসন্মত পৰিৱেশ প্ৰদানৰ দাবী লৈ চি পি আই (এম) এ ৰপায়ণ কৰা আন্দোলনত উপস্থিত থাকে জিলা সম্পাদক বীৰেন শৰ্মা, জিলা সদস্য ভোলা শৰ্মা, শচীন শৰ্মা ৷ জিলা সম্পাদকজনে বক্তব্য ৰাখি কয় যে, গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত থকা জাবৰ-জোথৰ জমা‌ কৰা স্থান সমূহ বিজ্ঞানসন্মতভাবে পৰিষ্কাৰ কৰি দুৰ্গন্ধময় পৰিবেশৰ পৰা ৰাইজক মুক্ত কৰাৰ বাবেও বিজেপি চৰকাৰক আন্দোলন কৰিহে জনাব লাগে ৷ তেওঁ লগতে কয় যে, এই জাবৰ-জোঁথৰৰ পৰা শক্তি আৰু সাৰ উৎপাদন কৰাৰ বাবে আজি কিছু বছৰ আগতে ' ৰমকি ' নামৰ কোম্পানীটোক গুৱাহাটী পৌৰ নিগমে দায়িত্ব দিছিল ৷ কিন্তু কোটি কোটি টকা শৰাধ কৰাৰ পিছতো কাম হৈ নুঠিল ৷

তেওঁ কয় যে, গুৱাহাটী মহানগৰ স্মাৰ্টচিটি ঘোষণা কৰা বহু বছৰ পাৰ হৈ গ'ল ৷ পৌৰ কৰো ৰাইজৰ পৰা‌ সংগ্ৰহ কৰিলে ৷ কিন্তু মহানগৰখনত আজিলৈকে পৰিৱেশ উন্নত কৰাৰ আন্তঃগাঠনি হৈ নুঠিল ৷ ফলত দিনৰ পিচত দিন, ৰাতিৰ পিচত ৰাতি উন্মুক্ত হৈ থাকে পথৰ কাষত থকা ডাষ্টবিন তথা জাবৰ নিষ্কাশন কেন্দ্ৰ সমূহ ৷

সেয়েহে চিপিআই(এম) য়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত থকা জাবৰ-জোঁথৰ জমা‌কৰা স্থান সমূহ বিজ্ঞানসন্মতভাবে পৰিষ্কাৰ কৰি দুৰ্গন্ধময় পৰিবেশৰ পৰা ৰাইজক মুক্ত কৰা, বিশেষজ্ঞৰ পৰামৰ্শ লৈ বিজ্ঞানসন্মতভাবে মহানগৰৰ‌ বিভিন্ন পথত এম আৰ এফ নিৰ্মাণ আৰু এই জাবৰ-জোঁথৰৰ পৰা শক্তি আৰু সাৰ উৎপাদন কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰা, জাবৰ-জোঁথৰ পৃথকীকৰণ সম্পৰ্কত মহানগৰৰ প্ৰতিটো ৱাৰ্ডত সজাগতা সভাৰ ব্যবস্থা কৰাৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক: Road Accident in Assam: বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.