গুৱাহাটী, ২৬ মে': ৰাজ্যত আৰক্ষী প্ৰশাসনে অৰাজক পৰিৱেশৰ সৃষ্টি কৰা বুলি চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে অভিযোগ উত্থাপন কৰে (CPIM MLA Manuranjan Talukdar complains against Assam police) । বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, বটদ্ৰৱাৰ শেহতীয়া ঘটনাই আৰক্ষীৰ চৰিত্ৰ উদঙাই দেখুৱাইছে (Assam police strongly criticized by CPIM) ।
তেওঁ জনায় যে, যোৱা বুধবাৰে চি পি আই এমৰ এটা প্ৰতিনিধি দলে বটদ্ৰৱা অঞ্চলৰ শালনাবড়ী গাঁও পৰিদৰ্শন কৰে ৷ প্ৰতিনিধি দলে গাঁওবাসীৰ স'তে আলাপ-আলোচনা কৰি পৰিস্থিতিৰ বুজ লয় ৷ এই শালনাবড়ীৰ বাসিন্দা ছফিকুল ইছলামক যোৱা ২০ মে'ত বটদ্ৰৱা থানাৰ আৰক্ষীয়ে আটক কৰি লৈ গৈ হত্যা কৰাৰ অভিযোগ কৰিছে তেওঁৰ পৰিয়ালে ৷
ইয়াত ক্ষুব্ধ বহুলোকে পিছদিনা বটদ্ৰৱা থানাৰ এটা অংশ জুই লগাই ভস্মীভূত কৰে ৷ তাৰ পিছদিনাখন ২২ মে' তাৰিখে পুৱা পুলিচৰ এটা বৃহৎ দলে শালনাবড়ী গাঁৱলৈ গৈ ছফিকুল ইছলামৰ বাসগৃহৰ লগতে পাঁচটা পৰিয়ালৰ ঘৰ বুলডোজাৰেৰে সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷ চিপিআই(এম) প্ৰতিনিধি দলটোৱে গাঁওখনলৈ গৈ পুলিচৰ এই বেআইনী আৰু নৃশংস কৰ্মকাণ্ড নিজ চকুৰে প্ৰত্যক্ষ কৰে ৷
কেৱল ঘৰ ভঙাই নহয় আৰক্ষী বাহিনীয়ে ঘৰবোৰত থকা সকলো আচবাব-পত্ৰ যান-বাহন ভাঙি-ছিঙি তচ-নচ কৰে ৷ তেওঁ কয় যে, প্ৰতিনিধি দলটোৱে এই হৃদয়বিদাৰক ঘটনাও প্ৰত্যক্ষ কৰে যে মৃত ছফিকুল ইছলামৰ পত্নীক পুলিচে গ্ৰেপ্তাৰ কৰি অনাৰ পাছত তেওঁলোকৰ ডেৰ বছৰীয়া শিশুটিয়ে মাকক নাপাই ইনাই-বিনাই হাহাকাৰ কৰি ফুৰিছে ৷ মাকৰ পৰা কোলাৰ সন্তানক বিচ্ছিন্ন কৰাৰ এই কাণ্ডক হৃদয়ৱান সকলো লোকে নিন্দা কৰিছে ।
বিধায়ক তালুকদাৰে এই সমগ্ৰ ঘটনাৱলীৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে ঘটনাৰ সম্পূৰ্ণ বিকৃত আৰু সাম্প্ৰদায়িক ব্যাখ্যা প্ৰচাৰ কৰাৰ বাবে বিজেপি চৰকাৰ আৰু দলক কঠোৰভাৱে নিন্দা কৰে ৷
লগতে পঢ়ক: মৰ্মান্তিক: এটা পুখুৰীৰ পৰা উদ্ধাৰ মাতৃসহ দুই কন্যাৰ মৃতদেহ