ETV Bharat / state

Sitaram Yechury in Guwahati : বিজেপি চৰকাৰক তুলা-ধূনা সীতাৰাম য়েচুৰীৰ

author img

By

Published : Dec 26, 2021, 7:41 PM IST

বাওঁপন্থী নেতা নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰে চিপিআই(এম)ৰ নেতা সীতাৰাম য়েচুৰীয়ে (CPIM leader Sitaram Yechury in Guwahati)। অনুষ্ঠানত ভাষণ প্ৰসংগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে নেতাগৰাকীয়ে । চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ নেতাগৰাকীৰ । বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেণ গোহাঁইকে ধৰি বহু নেতা উপস্থিত অনুষ্ঠানত ।

Sitaram Yechury in Guwahati
গুৱাহাটীত সীতাৰাম য়েচুৰীৰ বিস্ফোৰক মন্তব্য

গুৱাহাটী,২৬ ডিচেম্বৰ : নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানত(Birth Centenary of Nandeswar Talukdar) অংশ লৈ বিস্ফোৰক মন্তব্য ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ (CPIM leader Sitaram Yechury in Guwahati)। তেওঁৰ অভিযোগ ভাৰতবৰ্ষ হিন্দুত্বৰ আধাৰত গঠন নোহোৱাৰ ক্ষোভতে মহাত্মা গান্ধীক হত্যা কৰা হৈছিল । হিন্দুত্বৰ আধাৰত গঠন হোৱাৰ বিপৰীতে ধৰ্ম নিৰপেক্ষ ৰূপত দেশ গঠনত জোৰ দিয়াৰ বাবেই গান্ধীক হত্যা কৰিছিল ।

নেতাগৰাকীৰ অভিযোগ RSSয়ে হিন্দুত্বৰ আধাৰত ভাৰত দেশ গঠন হোৱাটো বিচাৰিছিল । হিন্দুত্ববাদৰ প্ৰচাৰ আৰু জনতাৰ মাজত বিভেদ সৃষ্টিৰ নামত ধন খৰছ কৰিছে চৰকাৰে । তেওঁ উল্লেখ কৰে যে, উত্তৰ প্ৰদেশত বিবাহ সাপেক্ষে ধৰ্ম সলনি কৰাৰ বিৰুদ্ধে আইন আনিছে । এই কাৰ্যক সংবিধানৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । কিয়নো সংবিধান মতে যিয়ে যি ধৰ্মৰ লোকৰ লগত বিয়া হ'ব বিচাৰে বিয়া হ'ব পাৰে আৰু ধৰ্ম ল'ব পাৰে ।

আনহাতে গো-ৰক্ষা, লাভ জেহাদৰ নামত আইন আনি সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণ কৰাটো বিজেপিৰ এক এজেণ্ডা বুলিও অভিযোগ কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে । তেওঁৰ মতে হিন্দুত্ব শ্লোগান হিন্দুৰ লগত কোনো ধৰণে জড়িত নহয় । হিন্দুত্ব এতিয়া এটা ৰাজনৈতিক এজেণ্ডা । বিজেপি চৰকাৰ হোৱাৰ পাছত সংবিধানৰ প্ৰতিটো স্তম্ভ ধ্বংস হোৱাৰ দিশে ।

য়েচুৰীৰ মতে ন্যায়ালয়ৰ নিৰপেক্ষতাৰ ওপৰতো বৰ্তমান সময়ত প্ৰশ্ন উঠিছে । অযোধ্যাক লৈ ন্যায়ালয়ে দিয়া ৰায় ন্যায় নাছিল ইয়াৰ পৰিৱৰ্তে ই এক আদেশ আছিল বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে এই চৰকাৰৰ দিনত ন্যায়ালয়ৰ কাৰ্য প্ৰণালীৰ ওপৰত প্ৰভাৱ পৰিছে । Article 370 প্ৰত্যহাৰ, CAA কে ধৰি ভালেমান ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়ৰ শুনানি ২-৩ বছৰ ধৰি গ্ৰহণ কৰা হোৱা নাই ।

তেওঁৰ অভিযোগ চিবিআই(CBI), এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেট (ED), নিৰ্বাচন আয়োগ আদি সাংবিধানিক সংস্থাসমূহক চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে । আনহাতে, তেওঁ কয় যে উত্তৰ প্ৰদেশত অখিলেশ যাদৱৰ অগ্ৰগতিত ভয় খাই বিজেপিয়ে অভিযান আৰম্ভ কৰিছে । ক'ভিডৰ দোহাই দি নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশত নিৰ্বাচন পিছুৱাব লাগে বুলিও কৈছে । কিন্তু কাশীত প্ৰধানমন্ত্ৰীয়ে মেলা আয়োজন কৰাৰ সময়ত ক'ভিড নাছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে ।

সীতাৰাম য়েচুৰীৰ অভিযোগ ক'ভিডৰ প্ৰতিষেধক প্ৰদানত ব্যৰ্থ হৈছে চৰকাৰ । চৰকাৰে ডিচেম্বৰৰ ভিতৰত প্ৰতিষেধক অভিযান শেষ কৰিব বুলি মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ নেতাগৰাকীৰ । নেতাগৰাকীৰ মতে এতিয়াও দেশৰ ৪০ শতাংশ লোকে সম্পূৰ্ণ প্ৰতিষেধক লোৱাৰ পৰা বঞ্চিত । তেওঁৰ অভিযোগ মুনাফাৰ স্বাৰ্থত বিদেশলৈ প্ৰতিষেধক ৰপ্তানি কৰি দেশৰ জনতাক বঞ্চিত কৰিছে এইখন চৰকাৰে ।

প্ৰধানমন্ত্ৰীয়ে ক'ভিডৰ বুষ্টাৰ পালি গ্ৰহণৰ আহ্বান জনোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে । তেওঁৰ মতে দুয়োটা পালি প্ৰদান সম্পূৰ্ণ নোহোৱাকৈ বুষ্টাৰ পালি গ্ৰহণৰ কথা কোৱাটো সম্পূৰ্ণ অনৰ্থক ।

চৰকাৰৰ বিৰুদ্ধে আন এক অভিযোগ বাওঁপন্থী নেতাগৰাকীৰ । তেওঁৰ মতে ৭০ বছৰে যি সম্পদৰ ওপৰত দেশখন থিয় হৈ আছিল সেই সম্পদ বিক্ৰী কৰি দেশত লুটপাত আৰম্ভ কৰিছে চৰকাৰে । নেতাগৰাকীৰ মতে মোডী চৰকাৰে ৰাজ্য চৰকাৰৰ সাংবিধানিক ক্ষমতা কৰ্তন কৰিছে । ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ সাংবিধানিক পথসমূহ বন্ধ কৰিছে কেন্দ্ৰই ।

জিএছটিৰ বাবে ৰাজ্যসমূহৰ এতিয়া ৰাজহ হ্ৰাস হোৱা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । যাৰ বাবে পুঁজিৰ অভাৱত ভোগা ৰাজ্যই কেৱল কেন্দ্ৰৰ আগত হাত পাতি থাকিব লগা হয় । দেশৰ ফেডাৰেলিজিম ব্যৱস্থাক ধ্বংস কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত দূৰত্ব আনিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

ইফালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বুদ্ধিজীৱী ড° হীৰেণ গোহাঁই । শেহতীয়া অসম আৰক্ষীৰ এনকাউণ্টাৰ সম্পৰ্কে বুদ্ধিজীৱীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে, আৰক্ষী এতিয়া ডকাইতৰ দললৈ পৰিণত হ'বলৈ গৈ আছে । তেওঁৰ মতে এইখন চৰকাৰৰ দিনত মানুহৰ নিৰাপত্তা নোহোৱা হৈছে । কিন্তু চৰকাৰখনে গৰুৰ নিৰাপত্তাৰ বাবেহে উঠি পৰি লাগিছে বুলি অভিযোগ কৰে ড° হীৰেণ গোহাঁইয়ে ।

এফালে চৰকাৰে আত্মনির্ভৰ ভাৰতৰ কথা কৈছে আনফালে সকলো সম্পদ বিক্ৰী কৰিছে । তেওঁৰ অভিযোগ আদানি, আম্বানীৰ লগত মিলি মানুহৰ অধিকাৰ অপহৰণ কৰাত নামিছে চৰকাৰ । লগতে ড° হীৰেণ গোহাঁইৰ অভিযোগ সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষা বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ।

চৰকাৰৰ এনেবোৰ ষড়যন্ত্ৰ নীৰৱে চাই নাথাকিবলৈ আহ্বান বুদ্ধিজীৱীগৰাকীৰ । তেওঁ সকলোকে প্ৰতিবাদ তথা আন্দোলনত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায় । অনুষ্ঠানত বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা, বামপন্থী নেতা অৱণী বৰঠাকুৰ, বামপন্থী নেতা হেমেন দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :মাজুলীৰ পৰাই ৰণডংকা বজালে মন্ত্ৰী ৰণোজ পেগুৱে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.