ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি পালন দাবী দিৱস - অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি পালন দাবী দিৱস

চিপিআই(এম) ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানমৰ্মে দেওবাৰে ৰাজ্যজুৰি পালন দাবী দিৱস ৷ লক্​ ডাউন ভংগ নকৰাকৈ দলটোৱে পালন কৰে এই দিৱস ৷ অখিল গগৈৰ মুক্তিৰ দাবীয়েই আছিল মূলতঃ এই দিৱস পালনৰ উদ্দেশ্য ৷

দাবী দিৱস পালন
CPI(M) celebrated dabi divas in assam
author img

By

Published : May 4, 2020, 10:31 AM IST

গুৱাহাটী,4 মে’ঃ লক্​ ডাউনৰ মাজতে চিপিআই(এম) ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানমৰ্মে দেওবাৰে নিৰ্ধাৰিত বিভিন্ন দাবীৰ ভিত্তিত সমগ্ৰ ৰাজ্যজুৰি প্ৰতীকী ৰূপত পালন কৰা হয় দাবী দিৱস । দলটোৰ ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অনুযায়ী লক্​ ডাউন ভংগ নকৰি সামাজিক দুৰত্ব বজাই ৰাখি দলৰ সভ্য,সমৰ্থক আৰু শুভাকাংক্ষীসকলে ঘৰৰ চৌহদ বা জপনামুখত অন্ততঃ ১০ মিনিটৰ বাবে দাবী সম্বলিত প্লে’কাৰ্ড প্ৰদৰ্শনেৰে দাবী দিৱস পালন কৰে ৷

দাবী দিৱস পালন

আনহাতে, এই সন্দৰ্ভত ৰাজ‍্যিক কমিটিৰ নেতা সুপ্ৰকাশ তালুকদাৰে লক্​ ডাউনৰ সময়ত যিসকল শ্ৰমিক কামলৈ যাব পৰা নাই সেইসকলক আৰ্থিক সাহায্যৰ লগতে মালিক পক্ষৰ পৰা বেতন সুনিশ্চিত কৰিবলৈ এই দিৱস পালন কৰা হয় বুলি জানিবলৈ দিয়ে ৷ কোনো শ্ৰমিকক যাতে মালিকপক্ষই লক্​ ডাউন খোলাৰ পিছত কামৰ পৰা অব্যাহতি নিদিয়ে তাক সুনিশ্চিত কৰিবলৈ প্ৰকৃতাৰ্থত এই দিৱস পালন কৰা হয় ৷ দলটোৱে এই দিৱস পালনৰ জৰিয়তে কৃষক নেতা অখিল গগৈৰ লগতে সহযোগীসকলৰ চৰকাৰৰ ওচৰত মুক্তিৰ দাবী তোলে ৷

লগতে চাওকঃ তেজপুৰত আদৰণি এম্বুলেঞ্চত উদ্ধাৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.