ETV Bharat / state

14 অক্টোবৰত চিপিআই ৰাজ্যজুৰি পালন কৰিব বিক্ষোভ কাৰ্যসূচী - শ্ৰদ্ধাঞ্জলী

চি পি আইৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত কমৰেড প্ৰমোদ ভূঞাৰ সভাপতিত্বত পাৰ্টীৰ ৰাজ্য পৰিষদৰ সভা অনুষ্ঠিত ৷ পাৰ্টী আৰু কৃষক সভাই ঐক্যবদ্ধভাৱে 14 অক্টোবৰত মূল্যবৃদ্ধি, কৃষক বিৰোধী আইনৰ বিৰুদ্ধে বিশেষকৈ কৃষিজাত সামগ্ৰীৰ মূল্য বান্ধি দিয়াৰ দাবীত জিলা উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব ।

CPI meeting at Guwahati
14 অক্টোবৰত চিপিআই ৰাজ্যজুৰি পালন কৰিব বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Oct 4, 2020, 10:42 PM IST

গুৱাহাটী, ৪ অক্টোবৰ : 30 ছেপ্টেম্বৰ আৰু 1 আৰু 2 অক্টোবৰত চি পি আইৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত কমৰেড প্ৰমোদ ভূঞাৰ সভাপতিত্বত পাৰ্টীৰ ৰাজ্য পৰিষদৰ সভা অনুষ্ঠিত হৈ যায় । ৰাজ্য পৰিষদৰ সভাই পাৰ্টিৰ 15 দফীয়া দাবী পত্ৰৰ মীমাংসা বিচাৰি জিলা ব্লক পৰ্যায়ত আন্দোলন কাৰ্যসূচী গঢ়াৰ বাবে জিলা পাৰ্টী সমূহক নিৰ্দেশ দিয়ে । পাৰ্টী আৰু কৃষক সভাই ঐক্যবদ্ধভাৱে 14 অক্টোবৰত মূল্যবৃদ্ধি, কৃষক বিৰোধী আইনৰ বিৰুদ্ধে বিশেষকৈ কৃষিজাত সামগ্ৰীৰ মূল্য বান্ধি দিয়াৰ দাবীত জিলা উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব ।

ৰাজ্য পৰিষদৰ সভাই ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি মতপোষণ কৰে যে, বিজেপি নেতৃত্বাধীন স্বৈৰতান্ত্ৰিত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি নৎসাৎ কৰি নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ লগতে অসমৰ সম্পদ তেল, গেছ, কয়লা, বনাঞ্চল বিক্ৰী কৰি অসমৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে । পৰিতাপৰ কথা ৰাজ্য চৰকাৰখনে নির্লজ্জভাৱে কেন্দ্ৰীয় চৰকাৰৰ সকলো অসাংবিধানিক, অগণতান্ত্ৰিক অসম বিৰোধী কাৰ্যৰ সমর্থন জনাই আহিছে ৷

লগতে পঢ়ক : তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

আনকি, কেন্দ্ৰীয় চৰকাৰে সাংবিধানিকভাৱে পাব লগা পুঁজিৰ পৰা অসমক বঞ্চিত কৰাৰ কথাও ৰাজ্য চৰকাৰে গাদী যোৱাৰ ভয়ত প্ৰকাশ কৰিবলৈ ভয় কৰিছে । এই পৰিস্থিতিত বিজেপি চৰকাৰক ক্ষমতাৰ পৰা বাহিৰ কৰাৰ বাদে বেলেগ উপায় নাই বুলি উল্লেখ কৰে ৷

পাৰ্টীয়ে লক্ষ্য কৰিছে যে, এই পৰিস্থিতিতেই বিভিন্ন সংগঠনে বিজেপি দলক উৎখাত কৰাৰ উদ্দেশ্য আগত ৰাখি কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছে । ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে বিজেপি বিৰোধী সকলো দল-সংগঠনক ঐক্যবদ্ধ হৈ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে 2021 চনৰ নিৰ্বাচনত বিজেপি চৰকাৰক পৰাজিত কৰাৰ বাবে আগবাঢ়ি যাবলৈ আহ্বান জনায় । ৰাজ্য পৰিষদৰ সভাৰ মাজতে 2 অক্টোবৰৰ 10 বজাৰ পৰা পাৰ্টী কাৰ্যালয়ত মহাত্মা গান্ধীৰ 151 তম জন্ম জয়ন্তী পালন কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনায় ।

লগতে পঢ়ক : ৱাল পেন্টিঙেৰে স্বচ্ছ অসম গঢ়াৰ লক্ষ্য সাত যুৱ শিল্পীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.