গুৱাহাটী, 30 মে’ : আগন্তুক সোমবাৰ অৰ্থাৎ 31 মে’ৰ পৰা ৰাজ্যত 18 বছৰৰ পৰা 45 বছৰ পৰ্যন্ত বয়সৰ লোকে ল’ব নোৱাৰিব ক’ভিড ভেকচিন ৷ দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সাংবাদিকক সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
তেওঁ জনোৱা মতে, এই পৰ্যায়ৰ লোকৰ বাবে এতিয়া মাত্ৰ 25,000 ভেকচিনহে মজুত আছে। অৱশ্যে আগন্তুক জুন মাহত এই পৰ্যায়ৰ লোকৰ বাবে 7 লাখ ভেকচিন পুনৰ অসমলৈ প্ৰেৰণ কৰিব কেন্দ্ৰই ৷ ইফালে 45 বছৰৰ উৰ্ধৰ লোকৰ বাবে এতিয়াও ৰাজ্যত পৰ্যাপ্ত পৰিমাণে ভেকচিন মজুত আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে ৷
লগতে পঢ়ক : ড্ৰাগছ কিনি ৰাইজৰ ৰোষত পৰিল এজন যুৱক