ETV Bharat / state

৪৫ বছৰ ঊৰ্দ্ধৰ সকলো সকলো শিক্ষক-শিক্ষয়ত্রীৰ বাবে কৰা হ’ব প্ৰতিষেধকৰ ব্যৱস্থা

author img

By

Published : Apr 18, 2021, 2:52 PM IST

৪৫ বছৰ ঊৰ্দ্ধৰ সকলো শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়ত্রী আৰু কৰ্মচাৰীসকলে ক'ভিড প্ৰতিষেধক টীকা ল'ব পাৰিব । মহানগৰীৰ চাৰিখন বিদ্যালয় ক্ৰমে হাতীগাঁও হাইস্কুল, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নতুন ফটাশিল হাইস্কুল আৰু পাণ্ডু আদৰ্শ হাইস্কুলক টীকাকৰণ কেন্দ্ৰ হিচাপে লৈ টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

সোমবাৰৰ পৰা সকলো শিক্ষাগুৰুৰ বাবে প্ৰতিষেধকৰ ব্যৱস্থা

গুৱাহাটী,১৮ এপ্ৰিল : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মহামাৰী কৰ'ণাৰ দ্বিতীয় ঢৌৱে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক শ শ লোক কৰ'ণাৰ কৱলত পৰিছে । আনকি শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলো কৰ'ণাত আক্ৰান্ত হৈছে । কৰ'ণাৰ ভয়াৱহতাৰ বাবেই গুৱাহাটীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে । আনহাতে, শিক্ষাগুৰুসকলৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে সোমবাৰৰ পৰা প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

এই কাৰ্যসূচীত চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো শিক্ষানুষ্ঠানক সামৰি লোৱা হৈছে । ৪৫ বছৰ ঊৰ্দ্ধৰ সকলো শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়ত্রী আৰু কৰ্মচাৰীসকলে ক'ভিড প্ৰতিষেধক টীকা ল'ব পাৰিব । এই টীকা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা ইতিমধ্যে প্ৰশাসনে কৰিছে । মহানগৰীৰ চাৰিখন বিদ্যালয় ক্ৰমে হাতীগাঁও হাইস্কুল, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নতুন ফটাশিল হাইস্কুল আৰু পাণ্ডু আদৰ্শ হাইস্কুলক টীকাকৰণ কেন্দ্ৰ হিচাপে লৈ টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

সোমবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া টীকাকৰণ কাৰ্যসূচীত চৰকাৰী, প্ৰাদেশিকীকৃত, ব্যক্তিগত আদি সকলো খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়ত্রী আৰু কৰ্মচাৰীসকলে অংশ গ্ৰহণ কৰি পাৰিব । টীকা গ্ৰহণৰ সময়ত সংশ্লিষ্ট সকলোৱে পৰিচয় পত্রৰ উপৰি বয়সৰ প্ৰমাণ পত্র হিচাপে পেনকাৰ্ড নাইবা আধাৰকাৰ্ড দেখুৱাব লাগিব । মহানগৰীৰ সকলো প্ৰান্তৰ শিক্ষক-শিক্ষয়ত্রী আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে সমীপৰ টীকাকৰণ কেন্দ্ৰত গৈ টীকা গ্ৰহণ কৰিব পাৰিব । উল্লেখ্য যে, ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে । এতিয়ালৈকে ৰাজ্যৰ ১৫,৬০,০৫৯ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: ৰাজ্যত বৰ্তমানলৈ ১,১২৯ গৰাকী লোকৰ ক’ভিডত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.