ETV Bharat / state

অসমৰ মাত্ৰ ১০ শতাংশ লোকেহে লাভ কৰিছে দুয়োপালি ভেকচিন

author img

By

Published : Sep 13, 2021, 6:01 PM IST

অসমৰ ৩ কোটি ৪০ লাখ লোকৰ ভিতৰৰ দুই কোটি লোকে এতিয়াও ক'ভিড ভেকচিন লাভ কৰা নাই । অসমত আজিৰ তাৰিখত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা হ'ল ৩৬ লাখ । অৰ্থাৎ মুঠ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশ ।

covid vaccination
অসমৰ মাত্ৰ ১০ শতাংশ লোকেহে লাভ কৰিছে দুয়োপালি ভেকচিন

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : অসমৰ ৩ কোটি ৪০ লাখ লোকৰ ভিতৰত দুই কোটি লোককেই ক'ভিড ভেকচিন প্ৰদান কৰা হ'ল বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলেও কাৰ্যতঃ দুই কোটি লোকে এতিয়াও ক'ভিড ভেকচিন লাভ কৰা নাই । অসমত আজিৰ তাৰিখত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা হ'ল ৩৬ লাখ । অৰ্থাৎ মুঠ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশ ।

বাকী ডেৰকোটিৰো অধিক লোকে এপালি অৰ্থাৎ প্ৰথম পালি ভেকচিনহে লাভ কৰিছে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, চৰকাৰৰ ফালৰ পৰা ইতিপূৰ্বে জাৰি কৰা SOP ত অতি স্পষ্টভাৱে দোকান-পোহাৰ খোলাকে ধৰি আন বহুবিলাক ক্ষেত্ৰত দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে । তেনেক্ষেত্ৰত ৰাজ্যৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশইহে দুয়োপালি ভেকচিন লাভ কৰাটো এক চিন্তনীয় বিষয় হৈ থিয় দিছে ।

ইফালে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাটেই সোমবাৰে ই টিভি ভাৰতক কয় যে, সামগ্ৰিকভাবে আজিৰ দিনটোলৈকে ৰাজ্যত দুই কোটি এক লাখ লোকক ভেকচিন প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: অধিনায়ক পদ থাকিব নে বিৰাট কোহলীৰ ?

ৰাজ্যৰ কেইবাখনো জিলাত ভেকচিন প্ৰদানৰ হাৰ মুঠেও সন্তোষজনক নহয় । সঞ্চালক ডাঃ নাটেই প্ৰকাশ কৰা মতে বৰ্তমানলৈকে কৰিমগঞ্জ জিলাত ৫১ শতাংশ লোকক প্ৰথম পালি আৰু ১০ শতাংশ লোকক দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে । ঠিক তেনেদৰে, ধুবুৰী জিলাত ৫২ শতাংশক প্ৰথম পালি আৰু ৮ শতাংশক দ্বিতীয় পালি, কাছাৰত ৫৭ শতাংশক প্ৰথম পালি আৰু ৮ শতাংশক দ্বিতীয় পালি ভেকচিন দিয়া হৈছে ।

অনুৰূপভাৱে ওদালগুৰিত ৫৯ শতাংশক প্ৰথম পালি আৰু ১০ শতাংশক দ্বিতীয় পালি, পশ্চিম কাৰ্বি আংলঙত ৩৮ শতাংশক প্ৰথম পালি আৰু ৭ শতাংশক দ্বিতীয় পালি, কাৰ্বি আংলঙত ৪৬ শতাংশক প্ৰথম পালি আৰু ১২ শতাংশক দ্বিতীয় পালি আৰু ডিমা হাচাওত ৬১ শতাংশক প্ৰথম পালি আৰু ১৯ শতাংশক দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে । এইকেইখন জিলাত ভেকচিন প্ৰদানৰ হাৰ যথেষ্ট কম হোৱা বুলি মন্তব্য কৰি সঞ্চালক গৰাকীয়ে আৰু কয় যে এই জিলা কেইখনৰ বাহিৰে বাকী সকলো জিলাতে দ্বিতীয় পালি ভেকচিন প্ৰদানৰ হাৰ ইতিমধ্যে ১৬ শতাংশ অতিক্ৰম কৰিছে ।

লগতে পঢ়ক: বিহালীৰ ৰাংছালীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ নথি-পত্ৰ বেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.