ETV Bharat / state

দুপালি ভেকচিনৰ পাচতো ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰত COVID TEST বাধ্যতামূলক - দুপালি ভেকচিনৰ ললেও ৰে'লৱে ষ্টেচন আৰু বিমান বন্দৰত বাধ্যতামূলক COVID TEST

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিছে । এতিয়াৰে ক'ভিডৰ দুটা প্ৰতিষেধক ল'লেও ৰে'লৱে আৰু বিমানবন্দৰত যাত্ৰীসকলে ক'ভিড টেষ্ট কৰিব লাগিব ৷ প্ৰতিগৰাকী যাত্ৰীৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম ৷

covid test mandatory at airport and railway stations even after two jab
দুপালি ভেকচিন পাচতো ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰত COVID TEST বাধ্যতামূলক
author img

By

Published : Jul 16, 2021, 10:03 PM IST

গুৱাহাটী,16জুলাই: ৰাজ্যজুৰি অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ ৷ সাতখন জিলাক সম্পূৰ্ণ কনটেইনমেণ্ট জ'ন ঘোষণা কৰাৰ উপৰি বাকী জিলাসমূহত প্ৰযোজ্য হৈ আছে ক'ভিডৰ কঠোৰ নীতি-নিৰ্দেশনা । তৎস্বত্বেও ক'ভিডৰ সংক্ৰমণ ৰোধ হোৱা নাই । যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ।

covid test mandatory at airport and railway stations even after two jab
দুপালি ভেকচিন পাচতো ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰত COVID TEST বাধ্যতামূলক

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিছে । এতিয়াৰে পৰা ক'ভিডৰ দুটা পালি ভেকচিন ল'লেও ৰে'লৱে আৰু বিমান বন্দৰত যাত্ৰীসকলে ক'ভিড টেষ্ট কৰিব লাগিব । প্ৰতিগৰাকী যাত্ৰীৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম।

বাধ্যতামূলক COVID TEST

উল্লেখ্য যে কিছুদিন পূৰ্বে ভেকচিনৰ দুটা ড’জ লোৱা ব্যক্তিৰ বাবে ৰে'লৱে আৰু বিমান বন্দৰত কিছু নিয়ম সাল-সলনি কৰা হৈছিল। কিন্তু ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বৰ নিৰ্দেশনা প্ৰত্যহাৰ কৰিছে ৰাজ্য চৰকাৰে । নতুন নিৰ্দেশনা অনুসৰি বিমান বন্দৰ আৰু ৰে'লৱে ষ্টেচনত সকলোৱে কৰিব লাগিব ক'ভিড পৰীক্ষা ।

লক্ষণীয় বিষয় যে ক'ভিডৰ দুটা পালি ভেকচিন লোৱাৰ পাচতো বহু লোক কৰ'ণাত আক্ৰান্ত হৈছে । গুৱাহাটী মহানগৰীৰ বাবে এয়া নিশ্চয়কৈ এক বেয়া খবৰ । কাৰণ বিগত 24 ঘণ্টাত গুৱাহাটী মহানগৰীত 263 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। মুখ্যমন্ত্ৰীয়ে দিয়া 250 ৰ টাৰ্গেট অতিক্ৰম কৰিলে গুৱাহাটীয়ে।

উল্লেখনীয়ভাৱে গুৱাহ‌াটীত আক্ৰান্তৰ সংখ্যা 250 অতিক্ৰম কৰিলে নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰ কৰাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে । আনহাতে বিগত 24 ঘণ্টাত ৰাজ্যৰ 1,992 গৰ‍াকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । এই সময়চোৱাত 1,20,908 গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । আক্ৰান্তৰ হাৰ 1.65 শতাংশ।

আনহাতে সুস্থ হৈছে 2,498 গৰাকী আৰু সেই হিচাপত সুস্থতাৰ হাৰ 95.32 শতাংশ । বিগত 24 ঘণ্টাত ক'ভিডত মৃত্যু হৈছে ৰাজ্যৰ 27 গৰাকী লোকৰ । ৰাজ্যত বৰ্ত্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে 19,120 গৰাকী ৷

লগতে পঢ়ক:দুবছৰৰ ভিতৰত বিটিআৰৰ মুখ সলনি হ'ব: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.